ৰাষ্ট্ৰীয়

ক’ভিড শেষ হ’লেই সমগ্ৰ দেশতে বলৱৎ হ’ব CAA: অমিত শ্বাহ…

পুনৰ নাগৰিকত্ব সংশোধনী আইন প্ৰসংগ।

ক’ভিড শেষ হ’লেই সমগ্ৰ দেশতে বলৱৎ হ’ব CAA

পশ্চিমবংগৰ শিলিগুৰিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।

তেওঁ কয়- যেতিয়াই ক’ভিড মহামাৰী সমাপ্ত হ’ব তেতিয়াই নাগৰিকত্ব সংশোধনী আইন কাৰ্য্যকৰী কৰা হ’ব।

লগতে তেওঁ কয়- তৃণমূল কংগ্ৰেছে কাৰ্য্যক্ষেত্ৰত নাগৰিকত্ব সংশোধনী আইন কাৰ্য্যকৰীকৰণ কৰা নহ’ব বুলি ভূৱা প্ৰচাৰ চলাই আছে। CAA আছিল, আছে আৰু ভবিষ্যতে বাস্তৱত পৰিণত হ’ব।

গৃহমন্ত্ৰী শ্বাহে মমতা বেনাৰ্জীয়ে অনুপ্ৰেৱশ হৈ থকাটো বিচাৰে আৰু সেইবাবে ‘কা’ৰ বিৰোধিতা কৰি আহিছে বুলি সমালোচনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *