ৰাষ্ট্ৰীয়অসমীয়া

অসমৰ পৰা গুজৰাটলৈ গৈয়েই ৩ মাহৰ কাৰাদণ্ডৰে দণ্ডিত হ’ল বিধায়ক জিগনেশ মেৱানী…

নিউজ ডেস্ক। পুনৰ কাৰাৰুদ্ধ হ’ল গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানী।

এটা পুৰণি গােচৰৰ বিচাৰত আদালতে তিনি মাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে মেৱানীসহ আন ১১ জন লােকক।

জানিব পৰা মতে, ২০১৭ চনৰ এটাে পুৰণি গােচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত গুজৰাটৰ মহেছানা জিলাৰ ন্যায়িক আদালতে এই ৰায়দান দিয়ে।

G1 8

দৰাচলতে ২੦১৭ চনত অনুমতি অবিহনে মেহছানাত এখন ৰেলী অনুষ্ঠিত কৰাৰ বাবে এইদৰে শাস্তিৰ সন্মুখীন হ’ল জিগনেশৰ উপৰিও এনচিপি নেতা ৰেশ্মা পেটেল আৰু সুবোধ পাৰমাৰ।

এই গােচৰত মুঠ ১২ জন লোকক আদালতৰ দ্বাৰা দণ্ডিত কৰা হৈছিল।

উল্লেখ্য যে উনাত দলিতসকলক প্ৰহাৰ কৰাৰ ঘটনাৰ প্ৰতিবাদ কৰিবলৈ গৈ ‘আজাদু কুচ’ নামেৰে মেহছানাৰ ওচৰৰ বনসকান্থাত ১২ জুলাই, ২০১৭ তাৰিখে এই আন্দোলন অনুষ্ঠিত কৰা হৈছিল, যাৰ বাবে প্ৰশাসনে অনুমতি প্ৰদান কৰা নাছিল।

লগতে চাওকঃ

মৃত্যুৰ পিছতো ৩ জনক নতুন জীৱন দি গ’ল এগৰাকী মহিলা চিকিৎসকে…

G5 3

Leave a Reply

Your email address will not be published. Required fields are marked *