নিউজ ডেস্ক। এক ভয়ংকৰ ঘটনা। এটি ২০ বছৰীয়া যুৱকে মৰিয়াই হত্যা কৰিলে নিজ পিতৃ, মাতৃ, ভগ্নী আৰু আইতাকক।
ধন-সম্পত্তিৰ বাবেই যুৱকজনে এনে কৰা বুলি জানিব পৰা যায়।

এই ভয়ংকৰ ঘটনাৰ স্থান হাৰিয়ানাৰ ৰূহটকৰ বিজয় নগৰত।
আৰক্ষীৰ সূত্ৰ অনুসৰি, যুৱকজনৰ পিতৃ প্ৰদীপ আছিল এজন ব্যৱসায়ী। ভগ্নীৰ নামত এডোখৰ মাটি নামজাৰি কৰিছিল পিতৃ প্ৰদীপে।
সেই কথাত ক্ষোভিত হৈ পৰে পুত্ৰ অভিষেক।

দীৰ্ঘদিন মাটি, সম্পত্তি আৰু বিত্ত বিষয়ক সংঘাত হৈ আছিল তেওঁলোকৰ ঘৰত।
অৱশেষত পুত্ৰই ল’লে চৰম সিদ্ধান্ত। সেই কথাত খং কৰি পুত্ৰই হত্যা কৰিলে ঘৰৰ আটাইকেইজন সদস্যক।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক ৰাহুল শৰ্মাই কয়, “এইয়া এক ঘৰুৱা হিংসা। ধন সম্পত্তিয়েই ইয়াৰ আঁৰৰ কাৰণ হ’ব লাগে। কিন্তু প্ৰকৃত কাৰণ জানিবলৈ এতিয়াও সময় আছে। অভিষেকক মংগলবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় আৰু আদালতত হাজিৰ কৰোৱা হয়। তেওঁক আৰক্ষীৰ জিম্মাত লোৱা হৈছে আৰু হত্যাৰ সম্পূৰ্ণ বিৱৰণ জানিবলৈ চেষ্টা কৰি থকা হৈছে। তেওঁৰ লগত কোনোবা লোক জড়িত আছে নেকি, সেই সন্দৰ্ভত একো জানিব পৰা হোৱা নাই।”

তেওঁ লগতে কয় যে, “ওচৰৰ কেইবাটাও চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰা হয়। যিয়ে এই ঘটনাৰ তথ্য উদ্ধাৰ কৰাত সহায়ক হ’ব। সন্দেহবশত: এই সন্দৰ্ভত অভিষেকক সোধা হৈছিল। অভিষেকে সঘনাই নিজৰ মন্তব্য সলাই আছে। তেতিয়াই তেওঁক হত্যাকাৰী বুলি ধৰিব পৰা যায়। পিছত তেওঁ সেই কথা স্বীকাৰ কৰে। হত্যাৰ আগত আৰু পিছত তেওঁ হোটেললৈ যোৱা দৃশ্য ধৰা পৰিছে। হোটেলত থকা তেওঁৰ বন্ধু সকলৰ ভূমিকাও পৰীক্ষা কৰি থকা হৈছে।”

উল্লেখ্য যে অভিষেকৰ আঘাতত পিতৃ প্ৰদীপ, মাতৃ বাবলি আৰু আইতাক ৰশ্নীৰ ঘৰতে মৃত্যু হয়। আনহাতে ভগ্নী গুৰুতৰভাৱে আহত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু হয়।









