বুধবাৰে গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।
উজানবজাৰৰ ১৪ বছৰীয়া কিশোৰী ডিম্পল কুমাৱতক নিজ গৃহতে দিন দুপৰতে কৰা হৈছিল হত্যা।
অৱশেষত ফাদিল হ’ল এই হত্যাকাণ্ডৰ ৰহস্য।

নিজৰ জেঠায়েকৰ আশিক গুপ্তাই স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা।
আৰক্ষীৰ ওচৰত ইতিমধ্যে হত্যাকাৰী আশিক গুপ্তাই এই কথা স্বীকাৰ কৰিছে।
আৰক্ষীৰ আগত স্বীকৰা কৰা মতে, ঘৰুৱা কণ্ডলৰ বাবে দুয়োৰে মাজত প্ৰথমে কাজিয়া সৃষ্টি হয়। প্ৰথমে ইজনে সিজনক চৰিয়াই, তাৰ পিছত পটাগুটিৰে প্ৰহাৰ কৰে ডিম্পলক। লগে লগে বাগৰি পৰি যায় ডিম্পল। সজ্ঞাহীন হৈ পৰা ডিম্পলক চুৰীৰে উপৰ্যুপৰি পিঠিত আঘাট কৰি হত্যা কৰিছিল আশিকে।
উল্লেখ্য যে, বৃহস্পতিবাৰে ডিম্পল কুমাৱট হত্যাকাণ্ডৰ মুল অভিযুক্ত আশিক গুপ্তাক লৈ আৰক্ষীয়ে অভিযান চলাইছিল।

হত্যাকাণ্ডৰ মুল অভিযুক্ত আশিকৰ বন্ধু চিণ্টু দাসৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় ডিম্পলৰ ম’বাইলটো৷
অভিযুক্তই এটা ড্ৰাম্পৰ ওপৰত লুকুৱাই ৰাখিছিল ম’বাইলটো। ম’বাইলৰ পৰা চিম কাৰ্ড পৃথক কৰিছিল অভিযুক্তই।
কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰে ভডাফোন নেটৱৰ্কৰ চিমকাৰ্ডখন।
আৰক্ষীয়ে Case No 303/21 IPC -302 গোচৰ আৰু ধাৰা ৰুজু কৰিছে ডিম্পল হত্যাকাণ্ডৰ।
আজি আদালত হাজিৰ কৰোৱা হ’ব হত্যাকাৰী আশিকক।

ইতিমধ্যে উজানবজাৰস্থিত বাসগৃহলৈ অনা হৈছে ডিম্পল কুমাৱতৰ মৃতদেহ।
নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব ডিম্পলৰ অন্ত্যেষ্টিক্ৰিয়া।
হত্যাকাৰীক উচিত শাস্তি দিয়াৰ দাবী স্থানীয় ৰাইজৰ।









