ৰাষ্ট্ৰীয়

চৰকাৰে গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰক! পৰামৰ্শ এলাহাবাদ উচ্চ ন্যায়লয়ৰ

নিউজ ডেস্ক। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বৈদিক, পৌৰাণিক, সাংস্কৃতিক গুৰুত্ব আৰু সামাজিক উপযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰাৰ পৰামৰ্শ ন্যায়ালয়ৰ।

গো হত্যাকাৰীৰ এখন জামিন আবেদন নাকচ কৰি এই পৰামৰ্শ প্ৰদান কৰে ন্যায়াধীশ শেখৰ কুমাৰ যাদৱে।

আদালতে কয় যে, “গৰুক ভাৰতত মাতৃ বুলি গণ্য কৰা হয়। এইয়া হিন্দুসকলৰ বিশ্বাসৰ বিষয়। বিশ্বাসৰ আঘাতে দেশখনক দুৰ্বল কৰি তুলিছে। গোমাংস খোৱাটো কাৰো মৌলিক অধিকাৰ নহয়। জিভাৰ সোৱাদৰ বাবে গৰুৰ জীৱনৰ অধিকাৰ কাঢ়ি নিব নোৱাৰি। প্ৰাপ্তবয়স্ক গৰু কৃষিৰ বাবে উপযোগী। ইয়াক হত্যা কৰিবলৈ দিয়াটো সঠিক নহয়। ই ভাৰতীয় কৃষিৰ মেৰুদণ্ড।”

আদালতে আৰু কয় যে, “ভাৰত হৈছে পৃথিৱীৰ একমাত্ৰ দেশ য’ত সকলো সম্প্ৰদায়ৰ লোক বাস কৰে। আনকি উপাসনা প্ৰণালী বেলেগ হ’লেও সকলোৰে চিন্তা চৰ্চা এক। তেওঁলোকে ইজনে সিজনৰ ধৰ্মক সন্মান কৰে।”

আদালতে গো হত্যাকাৰীৰ জামিন আবেদন নাকচ কৰি কয় যে, “যদি গৰু হত্যাকাৰীক মুকলি কৰি দিয়া হয়। তেন্তে ই আৰু অপৰাধ কৰিব।” আদালতে সম্ভালৰ গো হত্যাকাৰী জাভেদৰ জামিন আবেদন নাকচ কৰে। যি যোৱা ৮ মাৰ্চৰ পৰা বৰ্তমান কাৰাগাৰত আছে।

আদালতে লগতে কয় যে, “দেশৰ ২৯ খন ৰাজ্যৰ ভিতৰত ২৪ খনত গৰু হত্যা নিষিদ্ধ। এটা গৰুৱে জীৱনত ৪১০ ৰ পৰা ৪৪০ জন লোকৰ খাদ্য যোগান ধৰে। কিন্তু গোমাংস মাত্ৰ ৮০ জন লোকৰহে আহাৰ হয়। মহাৰাজা ৰঞ্জিত সিঙে গৰু হত্যাৰ বাবে মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিল। বহুতো মুছলমান আৰু হিন্দু ৰজাই গৰু হত্যা নিষিদ্ধ কৰিছিল। ইয়াৰ মল-মূত্ৰ দুৰাৰোগ্য ৰোগত উপকাৰী। বেদ আৰু পুৰাণত গৰুৰ মহিমা বৰ্ণনা কৰা হৈছে। মংগল পাণ্ডেয়ে গৰুৰ চৰ্বিত বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। সংবিধানে গৰু সুৰক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *