অসমীয়াৰাষ্ট্ৰীয়

কংগ্ৰেছত মোক্ষম আঘাত! দলত্যাগ প্ৰবীণ নেতা কপিল ছিবালৰ, সমাজবাদী পাৰ্টীত যোগদান

নিউজ ডেস্কঃ কংগ্ৰেছৰ ভিতৰুৱা সংঘাতৰ পৰিণতিত আন এগৰাকী প্ৰবীণ নেতাই কৰিলে দলত্যাগ। এইবাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল ছিবালে কংগ্ৰেছ ত্যাগ কৰাৰ ঘোষণা কৰিছে।

কংগ্ৰেছ নেতাগৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁ যোৱা ১৬ মে’তে দলৰ পৰা পদত্যাগ কৰিছিল।

ইফালে বাতৰি অনুসৰি, ছিবালে উত্তৰপ্ৰদেশৰ পৰা ৰাজ্যসভা নিৰ্বাচনত সমাজবাদী পাৰ্টীৰ হৈ ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে।

image 84

কংগ্ৰেছ ত্যাগ কৰা সন্দৰ্ভত কপিল ছিবালে কয় যে সংসদত স্বাধীন কণ্ঠস্বৰ হোৱাটো গুৰুত্বপূৰ্ণ। যদি এটা স্বাধীন কণ্ঠই মাত মাতে তেতিয়া মানুহে বিশ্বাস কৰিব যে ই কোনো ৰাজনৈতিক দলৰ নহয়।

উল্লেখ্য যে, কংগ্ৰেছৰ অন্যতম জ্যেষ্ঠ নেতা ছিবালে ২৩ জন বিৰোধীৰ গোটৰ “জি-২৩”ৰ অংশ হিচাপে দলটোৰ নেতৃত্ব আৰু সংগঠনৰ সম্পূৰ্ণ পৰিৱৰ্তনৰ আহ্বান জনাই আহিছিল।

যোৱা কেইসপ্তাহমানৰ পৰা গান্ধী পৰিয়ালৰ দ্বাৰা কংগ্ৰেছৰ নেতৃত্ব বহনক লৈও সৰৱ হৈ আছিল কপিল ছিবাল।

Leave a Reply

Your email address will not be published. Required fields are marked *