আলফাৰ বিৰুদ্ধে বহি থাকিব নোৱাৰে অসম আৰক্ষী; পৰেশ বৰুৱাৰ সাক্ষাৎকাৰ গ্ৰহণ সন্দৰ্ভত কি ক’লে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই…

নিউজ ডেস্কঃ আলফাৰ বিৰুদ্ধে বহি থাকিব নোৱাৰে অসম আৰক্ষীয়ে। আলফাই যেতিয়া কচৰৎ কৰিবলৈ আৰম্ভ কৰিছে, অসম আৰক্ষীও কঠোৰ হ’ব বুলি মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।

আলফাই বোম ফুটালে, কাৰোবাৰ অপহৰণ কৰিলে, ধন লুটিলে অসম আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবই লাগিব বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে।

আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয়, ‘আলফাই কিছু কচৰৎ কৰা পৰিলক্ষিত হৈছে। গতিকে আমি চিন্তা কৰিছো মানুহৰ লোকচান নহওক। অসম পুলিচ বহি থাকিব নোৱাৰে।’

আলফাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শক্তিশালী ৰূপত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।

ইফালে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সাক্ষাৎকাৰ সংবাদ মাধ্যমে গ্ৰহণ কৰা সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিষয়ত হঠাতে এটা সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰি। বৈঠ ব্যৱস্থাপনাৰ জৰিয়তে অভিযোগ কৰিবলৈ বৰ্তমান পৰীক্ষা নিৰীক্ষা চলি থকা বুলিও মন্তব্য কৰে ভাস্কৰজ্যোতি মহন্তই।

Leave a Comment