অসম

বন্ধুৱে মাতি নিছিল ফোন কৰি, পাছত উদ্ধাৰ অৰ্জুনৰ ক্ষত-বিক্ষত মৃতদেহ…

নগাঁও চহৰৰ মাজমজিয়াত সংঘটিক হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

নেহেৰুবালিত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।

যুৱকজনৰ নাম অৰ্জুন পাঠক।

দেওবাৰে নিশা লগৰ বন্ধুৱে ফোন কৰি মাতি নিছিল যুৱকজনক।

দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল অৰ্জুন।

মঙলবাৰে নিশা চহৰৰ মাজমজিয়াৰ নেহেৰুবালিত উদ্ধাৰ হয় অৰ্জুনৰ ক্ষত-বিক্ষত মৃতদেহ।

নগাঁৱৰ ৰয় ড্ৰাগ ডিষ্ট্ৰিবিউটৰ নামৰ এটা ঔষধৰ প্ৰতিষ্ঠানত কৰ্মৰত আছিল অৰ্জুন।

বৰ্তমান আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে অৰ্জুনৰ মৃতদেহ।

Leave a Reply

Your email address will not be published. Required fields are marked *