এফালে কৰ্তব্যনিষ্ঠা, আনফালে মাতৃত্ব; বুকুত ৬ মহীয়া সন্তানক সাৱটি কৰ্তব্য পালন এগৰাকী মহিলা আৰক্ষী জোৱানৰ

নিউজ ডেস্কঃ এফালে কৰ্তব্যনিষ্ঠা, আনফালে মাতৃৰ দায়িত্ব। কণমানি সন্তানটোক কোলাত লৈ কৰ্তব্য সম্পাদন কৰা শিলচৰৰ এগৰাকী মহিলা আৰক্ষীয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

কৰ্তব্যৰ সমান্তৰালভাৱে এগৰাকী মাতৃ হোৱাৰো দায়িত্ব পালন কৰি মহিলা আৰক্ষী জোৱানগৰাকীৰ নাম হৈছে সঞ্চিতা ৰাণী ৰয়।

শিলচৰৰ পি আই আদালতত নিয়োজিত আৰক্ষী জোৱান সঞ্চিতা ৰাণী ৰয়ে তেওঁৰ প্ৰসূতি ছুটী সম্পূৰ্ণ হোৱাৰ পিছতে পুনৰ কৰ্তব্যত যোগদান কৰে।

৬ মহীয়া কণমানি সন্তানটিক ঘৰত অকলে এৰি থৈ আহিব নোৱাৰে বাবেই সঞ্চিতা ৰয়ে শিশুটিক লগত লৈয়ে কৰ্তব্য সম্পাদন কৰি আহিছে।

প্ৰতিদিন পুৱা ১০.৩০ বজাত অফিচত উপস্থিত হয় সঞ্চিতা। দিনটো বেবী কেৰিয়াৰত সন্তানটিক বুকুত সাৱটি কৰ্তব্য সম্পাদনৰ পিছত ঘৰলৈ উভতে সঞ্চিতা।

photo1654406400
এফালে কৰ্তব্যনিষ্ঠা, আনফালে মাতৃত্ব; বুকুত ৬ মহীয়া সন্তানক সাৱটি কৰ্তব্য পালন এগৰাকী মহিলা আৰক্ষী জোৱানৰ 2

তেওঁ কয়, “ঘৰত মোৰ কেঁচুৱাটোৰ যত্ন ল’ব পৰা আন কোনো নাই আৰু সেয়ে মই তাইক মোৰ লগত কামলৈ লৈ আহিবলগীয়া হয়।’’

শিলচৰৰ মালুগ্ৰাম অঞ্চলৰ এটা ভাড়াতীয়া এপাৰ্টমেণ্টত বাস কৰা সঞ্চিতা ৰয়ে সন্তানটোক লগত লৈ কৰ্তব্য সম্পাদন কৰাত সহায় কৰা সহকৰ্মী সকলৰ প্ৰতিও কৃতজ্ঞতা ব্যক্ত কৰে।

তেওঁ কয়, “মই অলপ সোনকালে ওলাই যাওঁ। কাৰণ কেঁচুৱাটোৱে গোটেই দিনটো মোৰ লগত থকাটো অতি কঠিন হৈ পৰে।”

উল্লেখ্য যে, সঞ্চিতা ৰাণী ৰয়ৰ স্বামী এগৰাকী চিআৰপিএফ জোৱান হিচাপে অসমৰ বাহিৰত কৰ্মৰত। যাৰ বাবে শিলচৰত অকলেই বাস কৰে সঞ্চিতাই। পৰিয়ালৰ আন কোনো সদস্য নথকাৰ পৰিপ্ৰেক্ষিতত তেওঁ সন্তানটোক লগত লৈয়ে কৰ্ম সম্পাদন কৰিবলৈ বাধ্য।

Leave a Comment