ৰাষ্ট্ৰীয়অসমীয়া

ক্ৰিকেট ভালপোৱা পাৰভেজে অগ্নিকাণ্ডত হেৰুৱাইছিল এখন ভৰি! এতিয়া এখন ভৰিৰেই ২ কিলোমিটাৰ খোজকাঢ়ি যায় বিদ্যালয়লৈ

নিউজ ডেস্কঃ ক্ৰিকেট আৰু ভলীবল খেল ভালপোৱা এজন কিশোৰ পাৰভেজ। সপোন তেওঁৰ অনেক আছে। সপোন পূৰাবলৈ মনোবলো আছে পাৰভেজৰ। কিন্তু শাৰিৰীক অসমৰ্থতাই মাজে মাজে ব্যথিত কৰে কিশোৰজনক।

তথাপিও কাহানিও হাৰ মানিব নিবিচৰা ১৪ বছৰীয়া কিশোৰজনে কৰি গৈছে জীৱন সংগ্ৰাম। কিবা এটা কৰি দেখুওৱাৰ লক্ষ্যৰে তেওঁ আগবাঢ়িছে সন্মুখলৈ।

image 56

জন্মু-কাশ্মীৰৰ হাণ্ডৱাৰাত ঘৰ পাৰভেজৰ। সৰুতেই এক অগ্নিকাণ্ডত এখন ভৰি হেৰুৱাই পেলোৱা কিশোৰজনে আজি এখন ভৰিৰেই ২ কিলোমিটাৰ খোজকাঢ়ি স্কুললৈ যায়। নৱগামৰ চৰকাৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ পাৰভেজ।

পাৰভেজে কয়, “এখন ভৰিৰে ভাৰসাম্য ৰক্ষা কৰি দিনটোত প্ৰায় ২ কিলোমিটাৰ খোজ কাঢ়ো। ৰাস্তাবোৰ ভাল নহয়। কৃত্ৰিম অংগ পালে খোজ কাঢ়িব পাৰিম। জীৱনত মোৰ বহুত অৰ্জন কৰিবলগীয়া আছে।”

image 57

পাৰভেজে জানিবলৈ দিয়া মতে, সমাজ কল্যাণ বিভাগে তেওঁক এখন হুইল চেয়াৰ প্ৰদান কৰিছিল যদিও গাঁৱৰ বিধ্বস্ত পথৰ বাবে হুইল চেয়াৰত বহি স্কুললৈ যোৱাটো তেওঁৰ বাবে সম্ভৱ নহয়।

১৪ বছৰীয়া কিশোৰজনে কয়, ‘মই দিনটোত ২ কিলোমিটাৰ খোজকাঢ়ি মোৰ স্কুলত উপস্থিত হওঁ। স্কুললৈ যোৱা পথটো নষ্ট হৈছে। সেয়ে এখন ভৰিৰে খোজকাঢ়ি যাওতে মোৰ যথেষ্ট কষ্ট হয়। মই ক্ৰিকেট ভাল পাওঁ। ভলীবল আৰু কাবাডীও ভাল পাও। আশাকৰোঁ চৰকাৰে মোৰ ভৱিষ্যত গঢ় দিয়াত সহায় কৰিব।”

উল্লেখ্য যে, পাৰভেজৰ চিকিৎসাৰ বাবে তেওঁৰ পিতৃ-মাতৃয়ে সম্পত্তি পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছিল। অতি দৰিদ্ৰ জীৱন অতিবাহিত কৰা পৰিয়ালটোৱে এতিয়া আৰু পাৰভেজৰ নিজাববীয়াকৈ চিকিৎসা কৰাবলৈ অসমৰ্থ। সেইবাবে ছাত্ৰজনক কৃত্ৰিম অংগ প্ৰদান কৰিবলৈ পৰিয়ালটোৱে চৰকাৰৰ ওচৰত আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *