অসম

মই নিৰ্দোষী, মই ষড়যন্ত্ৰৰ বলি হলো, মোৰ সব শেষ হৈ গ’লঃ জোনমণি ৰাভা

তিনিদিন ধৰি চলা ধাৰাবাহিক জেৰাৰ অন্তত অৱশেষত শনিবাৰে গ্ৰেপ্তাৰ হয় অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভা।

প্ৰৱঞ্চনাৰ গােচৰত নিজৰ ভাবী স্বামী ৰাণা পাগাগ গ্ৰেপ্তাৰ কৰা জােনমণি ৰাভাক প্ৰৱঞ্চনাৰ গােচৰত ৩ দিনৰ জেৰা অন্তত গ্ৰেপ্তাৰ কৰে মাজুলীৰ গড়মূৰ আৰক্ষীয়ে।

ইপিনে গ্ৰেপ্তাৰৰ পূৰ্বে এটা ব্যক্তিগত টিভি চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হুকহুকাই কান্দি কান্দি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে জোনমণি ৰাভাই।

তেওঁ কয়- ‘মই নিৰ্দোষী, মই ষড়যন্ত্ৰৰ বলি হলো, মোৰ ভাবি স্বামী ৰাণা প’গাগক বিশ্বাস কৰিছিলো সেইটোৱেই মোৰ ভুল আছিল।’

লগতে তেওঁ কয়- ‘মোক এতিয়া কোনেও বিশ্বাস নকৰে, মোৰ সব শেষ হৈ গ’ল।’

‘মই তেতিয়া তেওঁক অইলৰ ভুৱা বিষয়া বুলি গম পোৱা নাছিলো, তেওঁৰ ওচৰলৈ বহু মানুহ আহে, নগদ ধন লোৱা দেখিছো, তেতিয়া মই তেওঁক কিহৰ পইচা বুলি প্ৰশ্ন কৰাত তেওঁ সেইবোৰ ঠিকাৰ বাবে দিয়া চিকোৰিটি ধন বুলি কৈছিল- জোনমণি।

তেওঁ কয়- অভিযোগকাৰী ৰাম অৱতাৰে কি পইচা দিছে মই জ্ঞাত নহয়, কিন্তু অজিত বৰাই যি পইচা দিছে তাৰ বিষয়ে মই জানো। মোৰ একাউণ্টত যিমান টকা সোমাইছিলে, সকলো তেৱেই উলয়াই নিছে। মাজে সময়ে তেওঁ মোৰ আই কাৰ্ড ব্যৱহাৰ কৰিছিল।

লগতে তেওঁ কান্দি কান্দি কয়- মোৰ ভুল এটাই যে, ৰাণাক মই মোৰ চাকৰি কৰা জেগাত ভাড়া ৰূম এটা দিছিলো। মোৰ ভুল এটাই যে, মই তাক যথেষ্ট বিশ্বাস কৰিছিলো। মোৰ ভুল থাকি গ’ল। মোক কোনে এতিয়া বিশ্বাস কৰিব। সি মোক কিয় এনে কৰি গ’ল মই একো গম নাপাও।

লগতে তেওঁ কয়- মই আগতীয়া জামিনৰ বাবে একো নকৰো। মোৰ জামিনৰ বাবে পইচা নাই, মই লাগিলে জে’লতে থাকিম তিনিমাহ। মোক এতিয়া কোনেও বিশ্বাসে নকৰে।

উল্লেখ্য যে, মাজুলী আদালতে ইতিমধ্যে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে জোনমণি ৰাভাক।

Leave a Reply

Your email address will not be published. Required fields are marked *