অসমীয়াৰাষ্ট্ৰীয়

দিল্লী মেট্ৰ’ত জিলিকিল অসমৰ বিহু! মেট্ৰ’ৰ ডবাত বিজ্ঞাপনৰ জৰিয়তে প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীয়ে দেশবাসীলৈ জনালে এই আহ্বান…

নিউজ ডেস্কঃ অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটিলৈ মাজত আৰু মাত্ৰ এটা মাহ।

কিন্তু এইবাৰ কিছু ব্যতিক্ৰম হ’ব ৰঙালী বিহুটি।

কিয়নো এইবাৰ অসম চৰকাৰৰ উদ্যোগত অভিলাষী পৰিকল্পনাৰে উদযাপন হ’ব ৰঙালী বিহু।

image 66

১১,১৪০ গৰাকীৰো অধিক ঢুলীয়া-নাচনীৰে অহা ১৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত উদযাপন কৰা হ’ব হেঁপাহৰ বিহুটি।

১৫ মিনিট দীঘলীয়া এই বিহু উদযাপনৰে অসমৰ বিহুক বিশ্বমুখী কৰাৰ লগতে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভূক্ত কৰাৰ লক্ষ্য লৈছে অসম চৰকাৰে।

প্ৰতিখন জিলাৰ পৰাই ঢুলীয়া-নাচনীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই বিহু উদযাপনত উপস্থিত থাকিব খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

image 67

ইতিমধ্যে অক্লান্ত প্ৰস্তুতি আৰম্ভ হৈছে এই বিহুৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানক লৈ। দিনে-নিশাই প্ৰস্তুতি চলাইছে অংশগ্ৰহণকাৰী ঢুলীয়-নাচনী সকলে।

ইফালে অসম পূৰ্ণদ্যমে চলা প্ৰস্তুতিৰ সমান্তৰালভাৱে বিহুৰ সাংস্কৃতিক অনুষ্ঠানখনিক লৈ প্ৰচাৰ চলোৱা হৈছে দেশৰ অন্য প্ৰান্ততো।

তেনে এক প্ৰচাৰেই পৰিলক্ষিত হ’ল দিল্লী মেট্ৰ’ত।

দিল্লীৰ মেট্ৰ’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোসহিতে ১৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিহুৰ অনুষ্ঠানক লৈ প্ৰচাৰ চলায় ৰে’ল কৰ্তৃপক্ষই।

অসমীয়াৰ বাপতিসাহোন বিহুক লৈ বহিঃৰাজ্যত এনেদৰে চলা প্ৰচাৰৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।