নিউজ ডেস্কঃ অৱশেষত পূৰণ হ’ল এটা ২২ বছৰীয়া সপোনৰ। দুটা দশকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ অন্তত অৱশেষত ভাৰতীয় বায়ু সেনাত অন্তৰ্ভূক্ত হ’ল থলুৱা লাইট কম্বেট হেলিকপ্টাৰ (এলচিএইছ)।
সোমবাৰে বায়ু সেনাক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় এই এলচিএইছ। এই হেলিকপ্টাৰখন বায়ুসেনাত প্ৰৱেশৰ ফলত ভাৰতৰ শক্তি অনেক গুণে বৃদ্ধি পাইছে।

এই হেলিকপ্টাৰেৰে মৰুভূমি হওক বা বৰফাবৃত্ত পাহাৰ, প্ৰতিটো অৱস্থাতে শত্ৰুক আক্ৰমণ কৰিবলৈ সক্ষম হ’ব ভাৰতীয় বায়ু সেনাই। ইয়াৰ কামানে প্ৰতি মিনিটত ৭৫০ টা গুলী নিক্ষেপ কৰিব পাৰে। আনহাতে ইয়াত এণ্টি টেংক আৰু এয়াৰ টু এয়াৰ মিছাইলও সংযোজন কৰাৰ ক্ষমতা আছে।
নৱৰাত্ৰিৰ অষ্টমীৰ দিনটোতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতত নিৰ্মাণ কৰা এই বিশেষ যুঁজাৰু হেলিকপ্টাৰ কেইখনক বায়ু সেনাক অৰ্পণ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰী সিঙে এলচিএইছ কেইখনক ‘প্ৰচণ্ড’ নামেৰে নামকৰণ কৰাৰ লগতে তেওঁ নিজেও হেলিকপ্টাৰখনত যাত্ৰা কৰি এক ঐতিহাসিক দিনৰ সাক্ষী হৈ ৰয়।
প্ৰতিৰক্ষা মন্ত্ৰীৰ উপস্থিতিত ৰাজস্থানৰ যোধপুৰ বিমানঘাটিত এই হেলিকপ্টাৰ সমূহ বায়ুসেনাৰ অন্তৰ্ভূূক্ত কৰা হয়।
বায়ুসেনাক লাইট কম্বেট হেলিকপ্টাৰ গতাই দিয়াৰ পূৰ্বে এক অনুষ্ঠানৰো আয়োজন কৰা হয়, য’ত চাৰিটা সম্প্ৰদায়ৰ ধৰ্মীয় গুৰু উপস্থিত থাকে।
ৰাজনাথে কয় যে বায়ুসেনাত এল চি এইচক অন্তৰ্ভুক্ত কৰিবলৈ নৱৰাত্ৰিতকৈ উত্তম সময় আৰু ৰাজস্থানৰ মাটিতকৈ উত্তম স্থান থাকিব নোৱাৰে। বীৰ দেশৰ পৰা নৱৰাত্ৰিত আৰম্ভ হৈছিল।

এল চি এইচৰ অন্তৰ্ভূক্তিৰ লগে লগে বায়ুসেনাৰ শক্তি বৃদ্ধি পাব বুলিও মন্তব্য কৰে ৰাজনাথ সিঙে।
তদুপৰি দেশৰ থলুৱা প্ৰযুক্তিৰ বাবে গৌৰৱ ব্যক্ত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া ভাৰতে সহজে শত্ৰুক দমন কৰিবলৈ সক্ষম হ’ব।
এই কাৰ্যসূচীৰ সময়ত ৰাজনাথ সিঙে এল চি এইচক বিজয়ৰ ৰথ বুলি অভিহিত কৰি কয় যে অনাগত সময়ত ভাৰতৰ নাম ছুপাৰ পাৱাৰ দেশসমূহৰ ভিতৰত প্ৰথম হ’ব।

উল্লেখ্য যে, প্ৰায় ৩,৮৮৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১৫ খন এল চি এইচ সেনাবাহিনীত অন্তৰ্ভূক্ত কৰা হ’ব। ইয়াৰে ১০ খন আজি বায়ুসেনাই লাভ কৰিছে।
২২ বছৰ ধৰি কঠোৰ পৰিশ্ৰমৰ অন্তত ইয়াক প্ৰস্তুত কৰিছে হিন্দুস্তান এৰোনটিক্স লিমিটেডে।
এই বিশেষ হেলিকপ্টাৰ কেইখন উৰণৰ বাবে বায়ুসেনাৰ ১৫ জন পাইলটক প্ৰশিক্ষণো প্ৰদান কৰা হৈছে।









