কেতিয়া ঘোষণা কৰা হ’ব ২৬ হাজাৰ নিযুক্তি পৰীক্ষাৰ ফলাফল? জনালে মুখ্যমন্ত্ৰীয়ে…

নিউজ ডেস্কঃ নিযুক্তি বিতৰ্কক লৈ সমগ্ৰ ৰাজ্য তোলপাৰ লাগি থকাৰ সময়তে অলপতে অনুষ্ঠিত হৈ যোৱা ২৬ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখ সন্দৰ্ভত কয় যে এই পৰীক্ষাৰ এটা দুৰ্গা পূজাৰ পূৰ্বে আৰু আনটোৰ ফলাফল দুৰ্গা পূজাৰ পিছত ঘোষণা কৰা হ’ব।

ইফালে নিযুক্তি বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ফলাফল ঘোষণাৰ পিছত সকলো পানী-পানী আৰু গাখীৰ-গাখীৰ হৈ পৰিব।

কেইটামান সংবাদ মাধ্যম আৰু দল-সংগঠনে অসম চৰকাৰৰ ১ লাখ নিযুক্তি হোৱাটো নিবিচাৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই নিযুক্তিৰ সৈতে অসমৰ ৮ লাখ যুৱক-যুৱতীৰ ভৱিষ্যত জড়িত হৈ আছে।

এই নিযুক্তিৰ জৰিয়তে কোনো মুকেশ আম্বানীৰ পুতেকে চাকৰি নাপায়, বৰং গাঁৱত পকৰি বিক্ৰী কৰা ল’ৰা-ছোৱালীৰ ঘৰখনহে পোহৰ হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।