নিউজ ডেস্কঃ কোন দিশে আজিৰ প্ৰজন্ম? বিদ্যালয়ত ছাত্ৰই কৰা আচৰণ সন্দৰ্ভত অভিভাৱকক অভিযোগ দিয়াৰ বাবেই উদণ্ড ছাত্ৰৰ আক্ৰমণৰ বলি হ’ল এগৰাকী অন্তঃসত্বা শিক্ষয়িত্ৰী।
এনে চাঞ্চল্যকৰ কাণ্ড অইন ৰাজ্যত সংঘটিত হোৱা নাই। বৰঞ্চ সংঘটিত হৈছে এইখন অসমতে।
বিদ্যালয়ৰ একাংশ উদণ্ড ছাত্ৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় এগৰাকী অন্তঃসত্বা শিক্ষয়িত্ৰী।
এই ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰো।
মঙলবাৰে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ডিব্ৰুগড় জিলাৰ মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ত।

জানিব পৰা মতে, বিদ্যালয়খনৰ অংকুশ সিং নামৰ এজন ছাত্ৰৰ আচৰণ সন্দৰ্ভত অভিভাৱকক অভিযোগ দিছিল বিদ্যালয়খনৰে এগৰাকী শিক্ষয়িত্ৰীয়ে।
ইয়াৰ পিছতে অংকুশ সিং নামৰ ছাত্ৰজনে আন কেইজনমান ছাত্ৰৰ লগ লাগি আক্ৰমণ কৰে শিক্ষয়িত্ৰীগৰাকীক।
উল্লেখ্য যে, ছাত্ৰৰ দলটোৱে আক্ৰমণ কৰা শিক্ষয়িত্ৰীগৰাকী অন্তঃসত্বাও।
কিন্তু তাৰ পিছতো উদণ্ড ছাত্ৰৰ দলটোৱে শিক্ষয়িত্ৰীগৰাকীক আক্ৰমণ কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
সমান্তৰালভাৱে আজিৰ প্ৰজন্মৰ মানসিকতাক লৈও উদ্বেগ ব্যক্ত কৰিছে বিভিন্ন মহলে।









