আতংকিত যাত্ৰী! চলন্ত ৰে’লৰ ইঞ্জিনৰ পৰা হঠাৎ বিচ্ছিন্ন হৈ পৰিল ডবা, তাৰ পিছত…

নিউজ ডেস্কঃ চলি থকাৰ সময়তে ইঞ্জিনৰ পৰা পৃথক হৈ পৰিল যাত্ৰীবাহী ৰে’লৰ ডবা।

অৱশ্যে নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ৰে’লখনৰ থকা কেইবা শতাধিক যাত্ৰী।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত।

জানিব পৰা মতে, প্ৰয়াগৰাজৰ পৰা লক্ষ্ণৌ অভিমুখে গৈ থকা গংগা গোমতি এক্সপ্ৰেছত সংঘটিত হয় এই দুৰ্ঘটনা।

তথ্য অনুসৰি যাত্ৰীবাহী ৰে’লখন প্ৰয়াগৰাজৰ ৰামচৌৰাত উপস্থিত হোৱাৰ সময়তে চলন্ত ৰে’লখনৰ ইঞ্জিনৰ পৰা বিচ্ছিন্ন হৈ পৰে ডবা।

ইফালে ডবাসমূহ ইঞ্জিনৰ পৰা বিচ্ছিন্ন হৈ পৰাত যাত্ৰীসকলৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি হয়।

কিন্তু সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই এই ঘটনাত।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ৰে’ল বিভাগৰ বহু শীৰ্ষ বিষয়া সেই স্থানত উপস্থিত হয়।