ভাল খবৰ! ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত পদক অৰ্জনেৰে উজ্বলিল অসমৰ হৃদয় হাজৰিকা…

নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত পদক লাভেৰে পুনৰ এবাৰ উজ্বলি উঠিল আন এগৰাকী অসম সন্তান।

কেৰালাত অনুষ্ঠিত হোৱা ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় অসমৰ হৃদয় হাজৰিকাই।

মঙলবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত প্ৰাক্তন বিশ্ব চেম্পিয়ন পঞ্জাৱৰ অৰ্জুন বাবুতাৰ হাতত ১৬-৮ পইণ্টৰ ব্যৱধানত পৰাস্ত হয় হৃদয়।

image 195
ভাল খবৰ! ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত পদক অৰ্জনেৰে উজ্বলিল অসমৰ হৃদয় হাজৰিকা… 3

উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৃদয় হাজৰিকাই বৰ্তমান নতুন দিল্লীৰ নেচনেল চেন্টাৰ অৱ এক্সলেঞ্চত প্ৰশিক্ষক দীপক কুমাৰ ডুবেৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

image 196
ভাল খবৰ! ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত পদক অৰ্জনেৰে উজ্বলিল অসমৰ হৃদয় হাজৰিকা… 4

কোভিড মহামাৰী আৰু ভৰিৰ আঘাতৰ বাবে হৃদয়ে বিগত সময়ত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল যদিও হৃদয়ক লৈ আশাবাদী অসমৰ ক্ৰীড়াপ্ৰেমী।