বন্ধুৰ সৈতে সান্ধ্য ভ্ৰমণলৈ ওলাই আহি বলেৰ’ৰ খুন্দাত প্ৰাণ হেৰুৱালে পশু চিকিৎসক ডা০ অসীম কুমাৰ দাসে

নিউজ ডেস্কঃ এক কৰু্ণ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল পশু চিকিৎসক ডা০ অসীম কুমাৰ দাসৰ। চিকিৎসকগৰাকীৰ মৃত্যুত শোকত ভাগি পৰিছে তেওঁৰ পৰিয়াল।

জানিব পৰা মতে, অইন দিনৰ দৰে বৃহস্পতিবাৰেও মুছলপুৰৰ পশু চিকিৎসালয়ত কৰ্তব্য সম্পাদন কৰি সন্ধিয়া টিহুস্থিত ঘৰলৈ উভতিছিল পশু চিকিৎসক ডা০ অসীম কুমাৰ দাস।

সন্ধিয়া প্ৰায় ৮ বজাত তেওঁ এজন বন্ধুৰ সৈতে সান্ধ্য ভ্ৰমণলৈ ওলাই অহাৰ পিছতে পিছফালৰ পৰা অহা এখন তীব্ৰবেগী বলেৰ’ বাহনে মহতিয়াই থৈ যায় পশু চিকিৎসকগৰাকীক। এই দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু ঘটে ডা০ অসীম কুমাৰ দাসৰ।

6907e796 c269 4e94 9711 46aa92b0d799

ইফালে শুকুৰবাৰে চিকিৎসকগৰাকীৰ মৃতদেহৰ মৰোণত্তৰ পৰীক্ষা নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসায়ত সম্পন্ন কৰাৰ পিছতে স্বগৃহলৈ নিয়া হয়। চিকিৎসকগৰাকীৰ নশ্বৰ দেহ টিহুস্থিত বাসগৃহত উপস্থিত হোৱাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।

উল্লেখ্য যে, পশু চিকিৎসক ডা০ অসীম কুমাৰ দাসক শেহতীয়াকৈ তামুলপুৰ ৰাজ্যিক পশু চিকিৎসালয়লৈ বদলি কৰা হৈছিল। অহা ১ আগষ্টত তেওঁ নতুন কৰ্মক্ষেত্ৰত যোগদানৰ কথা আছিল। কিন্তু তাৰ পূৰ্বেই শোকাবহ দুৰ্ঘটনাই তেওঁক জীৱন কাঢ়ি লৈ যায়।