উদ্বোধন কৰা হ’ল বিশ্বৰ আটাইতকৈ ওখ শিৱ প্ৰতিমূৰ্তি, ২০ কিলোমিটাৰ নিলগৰ পৰাই হ’ব প্ৰত্যক্ষ…

নিউজ ডেস্কঃ আজি উদ্বোধন কৰা হ’ল বিশ্বৰ আটাইতকৈ ওখ ভগৱান শিৱৰ মূৰ্তি।

ৰাজস্থানৰ নাথদ্বাৰ নগৰত স্থাপন কৰা ৩৬৯ ফুট উচ্চতাৰ এই শিৱ প্ৰতিমূৰ্তিৰ শনিবাৰে শুভ উদ্বোধন কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে।

অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যখনৰ বিধানসভাৰ অধ্যক্ষ চিপি যোশীৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

উদয়পুৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে তাত পদম প্ৰতিষ্ঠানে।

image 247
উদ্বোধন কৰা হ’ল বিশ্বৰ আটাইতকৈ ওখ শিৱ প্ৰতিমূৰ্তি, ২০ কিলোমিটাৰ নিলগৰ পৰাই হ’ব প্ৰত্যক্ষ… 4

প্ৰতিমূৰ্তি উদ্বোধন কৰাৰ পিছতে প্ৰতিষ্ঠানৰ ট্ৰাষ্টী তথা মিৰাজ গোটৰ অধ্যক্ষ মদন পালিৱালে কয় যে, শিৱৰ প্ৰতিমূৰ্তিৰ তলত আগন্তুক ৯ দিনলৈ ধাৰাবাহিক ধৰ্মীয়, আধ্যাত্মিক, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

প্ৰতিমূৰ্তিৰ কথা উল্লেখ কৰি পালিৱালে কয় যে ভগৱান শিৱৰ এই আচৰিত প্ৰতিমূৰ্তিয়ে ৰাজ্যৰ ধৰ্মীয় পৰ্যটনক এক নতুন মাত্ৰা প্ৰদান কৰিব।

image 248
উদ্বোধন কৰা হ’ল বিশ্বৰ আটাইতকৈ ওখ শিৱ প্ৰতিমূৰ্তি, ২০ কিলোমিটাৰ নিলগৰ পৰাই হ’ব প্ৰত্যক্ষ… 5

উল্লেখ্য যে, ৫১ বিঘাৰ বিস্তৃত এলেকাত পাহাৰৰ শিখৰত স্থাপন কৰা ভগৱান শিৱৰ প্ৰতিমূৰ্তিটো ২০ কিলোমিটাৰ দূৰৈৰ পৰাই প্ৰত্যক্ষ হয়।

এই প্ৰতিমূৰ্তিটো বিশেষ পোহৰেৰে আলোকিত কৰাৰ বাবে নিশাও স্পষ্টকৈ দেখা যাব বুলি অনুষ্ঠানটোৰ মুখপাত্ৰ জয়প্ৰকাশ মালিয়ে জনায়।

প্ৰতিমূৰ্তিৰ শিখৰলৈ যোৱাৰ বাবে লিফ্ট, চিৰি নিৰ্মাণৰ লগতে প্ৰতিমূৰ্তিটোৰ লগতে ভক্তৰ বাবে এটা হল নিৰ্মাণ কৰা হৈছে বুলিও জানিব পৰা গৈছে।

image 249
উদ্বোধন কৰা হ’ল বিশ্বৰ আটাইতকৈ ওখ শিৱ প্ৰতিমূৰ্তি, ২০ কিলোমিটাৰ নিলগৰ পৰাই হ’ব প্ৰত্যক্ষ… 6

বাতৰি অনুসৰি, ভগৱান শিৱৰ প্ৰতিমূৰ্তিটো নিৰ্মাণত মুঠ তিনি হাজাৰ টন তীখা আৰু লো, ২.৫ লাখ ঘনটন বালি আৰু কংক্ৰিট ব্যৱহাৰ কৰা হৈছে।

২০১২ চনৰ আগষ্টত প্ৰতিমূৰ্তিটোৰ প্ৰকল্পৰ ভেটি স্থাপনৰ পিছত ১০ বছৰত নিৰ্মাণকাৰ্য সম্পন্ন কৰা হৈছে শিৱৰ প্ৰতিমূৰ্তিটোৰ।