আকৌ দুৰ্ঘটনাত পতিত বন্দে ভাৰত এক্সপ্ৰেছ! এইবাৰ গৰুৰ খুন্দাত বিচ্ছিন্ন হৈ পৰিল ডবা, বন্ধ হ’ল পানী যোগান

নিউজ ডেস্কঃ পুনৰ দুৰ্ঘটনাত পতিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অতি ধুমধামেৰে ফ্লেগ অফ কৰা ছেমি হাই স্পীড ৰে’ল বন্দে ভাৰত এক্সপ্ৰেছ।

এইবাৰ গৰুৰ খুন্দাত উফৰি পৰিল বন্দে ভাৰত এক্সপ্ৰেছৰ সন্মুখৰ হ’ব। লগতে বন্ধ হৈ পৰিল পানী যোগানো।

ইফালে গৰুৰ খুন্দাৰ পিছতে এক্সপ্ৰেছ ৰে’লখনৰ পৰা পৃথক হৈ পৰে এটা ডবা।

অৱশ্যে এই দুৰ্ঘটনাত কোনো যাত্ৰী আহত হোৱা নাই।

image 245
আকৌ দুৰ্ঘটনাত পতিত বন্দে ভাৰত এক্সপ্ৰেছ! এইবাৰ গৰুৰ খুন্দাত বিচ্ছিন্ন হৈ পৰিল ডবা, বন্ধ হ’ল পানী যোগান 3

প্ৰতিবেদন অনুসৰি, গুজৰাটৰ ভালছাদৰ অতুল ৰেল ষ্টেচনৰ মাজেৰে বন্দে ভাৰত এক্সপ্ৰেছ পাৰ হৈ যোৱাৰ সময়ত ৰেলখনৰ সন্মুখত এটা গৰুৱে খুন্দা মৰাত ৰে’লখনৰ সন্মুখৰ অংশ ক্ষতিগ্ৰস্ত হয়।

ইয়াৰ লগতে ৰে’লখনৰ কাপলাৰ কভাৰ আৰু বিচিইউ কভাৰো ক্ষতিগ্ৰস্ত হয়।

দুৰ্ঘটনাটোত পানীৰ পাইপ ফাটি যোৱাৰ বাবেও ৰেলখনৰ পানী যোগান বন্ধ হৈ পৰে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰায় ২৬ মিনিট সময় অতুল ৰেল ষ্টেচনত থিয় হৈ বন্দে ভাৰত এক্সপ্ৰেছ পুৱা ৮:৪৩ বজাত ষ্টেচনৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰে।

উল্লেখ্য যে, চলিত মাহত বন্দে ভাৰত এক্সপ্ৰেছৰ এয়া তৃতীয়টো দুৰ্ঘটনাৰ ঘটনা।

image 246
আকৌ দুৰ্ঘটনাত পতিত বন্দে ভাৰত এক্সপ্ৰেছ! এইবাৰ গৰুৰ খুন্দাত বিচ্ছিন্ন হৈ পৰিল ডবা, বন্ধ হ’ল পানী যোগান 4

ইয়াৰ পূৰ্বে মুম্বাইৰ পৰা আহমেদাবাদলৈ যোৱা এখন বন্দে ভাৰত এক্সপ্ৰেছত ম’হে খুন্দা মৰাত সন্মুখৰ অংশ ক্ষতিগ্ৰস্ত হৈ পৰিছিল। দুৰ্ঘটনাত ৪টা ম’হৰো মৃত্যু ঘটিছিল।

ইয়াৰ পিছতে যোৱা ৭ অক্টোবৰত বদোদৰা সংমণ্ডলৰ আনন্দৰ সমীপত বন্দে ভাৰত এক্সপ্ৰেছৰ সৈতে এটা গৰুৰ সংঘৰ্ষ হয়।

প্ৰণিধানযোগ্য যে, যোৱা ৩০ ছেপ্টেম্বৰত গুজৰাটৰ গান্ধী নগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰি যাত্ৰীৰ বাবে মুকলি কৰিছিল।