উত্তপ্ত ত্ৰিপুৰা ! মুখ্যমন্ত্ৰীক গাড়ীৰে খুন্দিয়াই ‘হত্যা’ৰ অপচেষ্টা, গ্ৰেপ্তাৰ ৩

নিউজ ডেস্ক। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱক গাড়ীৰে খুন্দিয়াই ‘হত্যা’ৰ অপচেষ্টা চলােৱা ৩ জন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে শনিবাৰে কয় যে মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে তেওঁৰ চৰকাৰী বাসভৱন শ্যামা প্ৰসাদ মুখাৰ্জী লেনৰ ওচৰত সন্ধিয়া খোজ কাঢ়ি আছিল।

সেই সময়ত তিনিজন আৰোহী থকা এখন গাড়ী তেওঁৰ নিৰাপত্তা বেষ্টনীত প্ৰৱেশ কৰিছিল।

দেৱ পথৰ কাষলৈ পাৰ হৈ যোৱাৰ লগে লগে গাড়ীখন দ্ৰুত গতিত গুচি গৈছিল। য’ত মুখ্যমন্ত্ৰীজনৰ এজন নিৰাপত্তাকৰ্মী সামান্য আঘাতপ্ৰাপ্ত হৈছিল।

মুখ্যমন্ত্ৰীৰ নিৰাপত্তা দলে গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল।

আৰক্ষীয়ে লগতে কয় যে, পৰৱৰ্তী সময়ত তিনিজন লোকক কেৰচাউমুহানিৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আৰু ঘটনাৰে জঢ়িত বাহনখন জব্দ কৰা হয়।

অভিযুক্তসকলক শুক্ৰবাৰে মুখ্য ন্যায়িক দণ্ডাধীশ পি পি পলৰ আদালতত হাজিৰ কৰোৱা হৈছিল। য’ৰ পৰা তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মাত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। সহকাৰী চৰকাৰী অধিবক্তা বিদ্যুৎ সূত্ৰধৰে কয় যে তিনিওজন অভিযুক্তৰ বয়স বিশ বছৰতকৈও অধিক আৰু তেওঁলোকৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই।

সূত্ৰধৰে কয়, ‘আমি অভিযুক্ত কেইজনক সোধা-পোছাৰ বাবে দুদিনৰ আৰক্ষী জিম্মাত দিবলৈ অনুৰোধ কৰিছিলো। কিন্তু আদালতে তেওঁলোকক ১৯ আগষ্টলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। বৰ্তমান আৰক্ষীয়ে তেওঁলোকক কাৰাগাৰতে জেৰা কৰিব আৰু তেওঁলোকৰ উদ্দেশ্য জনাৰ চেষ্টা কৰিব।”

উল্লেখ্য যে ত্ৰিপুৰাত ২੦২৩ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ’ব বিধানসভাৰ সাধাৰণ নিৰ্বাচন। মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে চৰকাৰ গঠনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে ৰাজ্যখনত।

ইয়াকে লৈ শেহতীয়াকৈ বিজেপি আৰু তৃণমূল নেতা-কৰ্মীসকলৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে।

Leave a Comment