৩০ অক্টোবৰৰ ভিতৰত ভেকচিন দিয়াৰ কাম শেষ নকৰিলে আন্দোলনৰ হুংকাৰ অখিল গগৈৰ…

৩০ অক্টোবৰৰ ভিতৰত ভেকচিন দিয়াৰ কাম শেষ নকৰিলে আন্দোলনৰ হুংকাৰ ৰাইজৰ দলৰ।

দেওবাৰে ৰাইজৰ দলৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই হুংকাৰ অখিল গগৈৰ।

অক্টোবৰ মাহৰ ৩০ তাৰিখৰ ভিতৰত যদি ক’ভিড ভেকচিন দিয়াৰ কৰাৰ কাম শেষ নকৰে তেন্তে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব ৰাইজৰ দলে।

গগৈয়ে কয়- ‘ক’ভিডৰ টীকাকৰণ বৰ্তমানলৈকে সম্পূৰ্ণ হোৱা নাই আৰু সোনকালে সম্পূৰ্ণ হোৱাৰ আশা দেখা নাই। ইয়াৰ মূল কাৰণ কেন্দ্ৰীয় চৰকাৰে কভিড ভেকচিন সময়মতে অসমক দিব পৰা নাই। ইয়াৰ বাবে ৰাইজৰ দলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গৰিহণাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

ক’ভিড আৰু লকডাউনৰ ফলত দেশ তথা ৰাজ্যৰ অৰ্থনীতি চুৰমাৰ হৈ গ’ল যদিও এতিয়াও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে কোনোধৰণৰ সুপৰিকল্পিত নীতি গ্ৰহণ কৰা নাই বুলিও কয় বিধায়কজনে।

১৩ আগষ্টৰ ভিতৰত ক’ভিডত ক্ষতিগ্ৰস্ত লোকৰ বাবে যদি অসম বিধান সভাত পেকেজ ঘোষনা নকৰে তেন্তে ৰাইজৰ দলে চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামিব বুলিও হুংকাৰ প্ৰদান কৰে।

আনহাতে অহা ৩০ চেপ্তেম্বৰৰ ভিতৰত অসম মহিলা বল নামৰ ৰাইজৰ দলৰ মহিলা সমিতি তৈয়াৰ কৰাৰ লগতে অসম যুৱ বল ৰাইজৰ দলৰ দ্বাৰা গঠন কৰা হ’ব বুলি সংবাদমেলত জানিব দিয়ে।

লগতে অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ‘উপ নিৰ্বাচনত সকলো বিৰোধী শক্তি একত্ৰিত হৈ খেলিব বিচাৰো। aiudfক আমি বিৰোধী শক্তিৰ লগত ল’ব নিবিচাৰো। কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ, চি পি আই এম আৰু আন আন দল একত্ৰিত হৈ নিৰ্বাচন খেলিব বিচাৰো। সকলো বিৰোধী দল একত্ৰিত হ’লে আমি আধা আসন দখল কৰিব পাৰিম। আজি বিয়লি পাঁচ বজাত কংগ্ৰেছৰ প্ৰতিনিধি আহিব ৰাইজৰ দলৰ কাৰ্যালয়লৈ। যদি একেলগ হৈ নেখেলে তেন্তে বিজেপিক ৱাক অভাৰ দিয়া হ’ব।’

Leave a Comment