অসমীয়াআন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়

উত্তপ্ত কংগো! প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুৱালে ভাৰতৰ দুগৰাকী বিএছএফ জোৱানে

নিউজ ডেস্কঃ বিক্ষোভত উত্তাল আফ্ৰিকান দেশ কংগো। মঙলবাৰে ৰাষ্ট্ৰখনত প্ৰতিবাদকাৰীয়ে সৃৃষ্টি কৰা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱাবলগীয়া হয় ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ নিৰাপত্তাত নিয়োজিত বিএছএফৰ দুগৰাকী ভাৰতীয় শান্তিৰক্ষীয়ে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, মঙলবাৰে কংগোৰ গোমা চহৰত ৰাষ্ট্ৰসংঘ বিৰোধী প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰে। সেই প্ৰতিবাদৰ সময়ত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিত প্ৰাণ হেৰুৱায় ৫ জনকৈ লোকে। আনহাতে আহত হয় ৫০ জনৰো অধিক লোক।

photo1658913019

৫০০ শতাধিক সশস্ত্ৰ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালায় ঘেৰি ধৰি সাব্যস্ত কৰা প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱায় কৰ্তব্যৰত ভাৰতীয় জোৱান দুগৰাকীয়েও।

ইণ্ডিয়ান বৰ্ডাৰ গাৰ্ডৰ এক বিবৃতি অনুসৰি গোমাৰ বুটেম্বো অঞ্চলত সাব্যস্ত হোৱা ৰাষ্ট্ৰসংঘ বিৰোধী প্ৰতিবাদৰ সময়ত উত্তাল প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈছিল নিৰাপত্তাৰ দায়িত্বত থকা জোৱান দুগৰাকীয়ে।

তাতেই প্ৰতিবাদকাৰীৰ সৈতে হোৱা সংঘৰ্ষত ভাৰতীয় জোৱান দুগৰাকী গুৰুতৰভাৱে আহত হয়। পৰৱৰ্তী সময়ত দুয়োকে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

photo1658913026

ভাৰতীয় দুজন জোৱানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। তেওঁ টুইট কৰি কয়, ‘কঙ্গো গণতান্ত্ৰিক গণৰাজ্যত বিএছএফৰ দুজন বীৰ ভাৰতীয় শান্তিৰক্ষীৰ প্ৰাণ হেৰুওৱাত গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁলোক মনুস্কোৰ অংশ আছিল। এই অপমানজনক আক্ৰমণৰ অপৰাধীসকলক জবাবদিহি কৰিব লাগিব আৰু ন্যায়ৰ সন্মুখীন হ’ব লাগিব। শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা।”

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে, যোৱা সোমবাৰৰ পৰা কংগোত সৃষ্টি হৈছে অস্থিৰ পৰিস্থিতিৰ। গোমাস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত শতাধিক প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰাৰ লগতে লুণ্ঠন চলায়। ইফালে সেনাৰ ঘাটিতো আক্ৰমণ চলায় প্ৰতিবাদকাৰীয়ে।

দাবী অনুসৰি, কংগোৰ একাংশ সশস্ত্ৰ সংগঠনে ৰাষ্ট্ৰসংঘৰ সম্পত্তি লুট কৰিবলৈ বিধ্বংসী ৰূপ ধাৰণ কৰিছে। লগতে জানিব পৰা গৈছে যে প্ৰতিবাদকাৰীসকলৰ বহুতৰে হাতত আছিল আগ্নেয়াস্ত্ৰ। ৫ শতাধিক প্ৰতিবাদকাৰীয়ে সৃষ্টি কৰি উত্তপ্ত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শান্তিৰক্ষী বাহিনীয়ে প্ৰথমে কন্দুৱা গেছ নিক্ষেপ কৰে।

ইফালে, পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি মুখ্য কাৰ্যালয়ৰ জেনেৰেল ষ্টাফক হেলিকপ্টাৰেৰে নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। এনে অৱস্থাতে প্ৰতিবাদকাৰীৰ সৈতে হোৱা সংঘৰ্ষতে প্ৰাণ হেৰুৱায় ভাৰতীয় জোৱান দুগৰাকীয়ে।