ড০ জিতেন হাজৰিকাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি

নিউজ ডেস্কঃ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে ড০ জিতেন হাজৰিকাক।

পূৰ্বে ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰা ড০ হাজৰিকাক অহা ৪ আগষ্টত ৰাজভৱনত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে।

photo1658909796
ড০ জিতেন হাজৰিকাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি 3

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ড০ জিতেন হাজৰিকাই। কিন্তু চলিত বৰ্ষৰ জানুৱাৰী মাহত ভাৰপ্ৰাপ্ত উপাচাৰ্য ড০ লীলাকান্ত নাথৰ অৱসৰৰ পিছত তেওঁক ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছিল।

photo1658909837
ড০ জিতেন হাজৰিকাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি 4

উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে অহা ৪ আগষ্টত ৰাজভৱনত শপত বাক্য পাঠ কৰিব ড০ জিতেন হাজৰিকাই।