প্ৰেমৰ জালত পৰি পাকিস্তানী মহিলা চোৰাংচোৱাক সামৰিক তথ্য প্ৰেৰণ ভাৰতীয় সেনা জোৱানৰ, গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ পাকিস্তানী মহিলা চোৰাংচোৱাৰ প্ৰেমৰ জালত পৰি ভাৰতৰ সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে ভাৰতীয় সেনাৰ এজন জোৱানক।

ভাৰতীয় সেনাৰ এক সূত্ৰ অনুসৰি, শান্তিময় ৰাণা নামৰ ২৪ বৰ্ষীয় জোৱানজনক ভাৰতীয় সেনাৰ সৈতে জড়িত তথ্য ফাদিল কৰাৰ অপৰাধত ১৯২৩ চনৰ চৰকাৰী গোপনীয়তা আইনৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

জানিব পৰা মতে, ধৃত সেনাজোৱান জন পশ্চিমবংগৰ বাগুণ্ডা জিলাৰ কাঞ্চনপুৰ গাঁৱৰ নিৱাসী। তেওঁক জয়পুৰৰ আৰ্টাৰী ইউনিউটত নিযুক্তি দিয়া হৈছিল।

photo1658912481
প্ৰেমৰ জালত পৰি পাকিস্তানী মহিলা চোৰাংচোৱাক সামৰিক তথ্য প্ৰেৰণ ভাৰতীয় সেনা জোৱানৰ, গ্ৰেপ্তাৰ 3

ৰাজস্থান আৰক্ষীৰ চোৰাংচোৱা শাখাৰ সঞ্চালক প্ৰধান উমেশ মিশ্ৰই জানিবলৈ দিয়া মতে, পাকিস্তানৰ এজেণ্ট গুৰনৌৰ কৌৰ ওৰফে অংকিতা আৰু নিশাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে জোৱানজনৰ সৈতে যোগাযোগ কৰিছিল।

চোৰাংচোৱা শাখাই লগতে কয় যে সামাজিক মাধ্যমযোগে চিনাকি হোৱাৰ পিছতে ৰানাৰ নম্বৰ লৈছিল পাকিস্তানী মহিলা চোৰাংচোৱা দুগৰাকীয়ে। আৰু তাৰ পিছতে ৰানাৰ সৈতে তেওঁলোকে হোৱাটছএপত কথা পতা আৰম্ভ কৰিছিল।

পাকিস্তানী যুৱতী দুগৰাকীয়ে প্ৰথমে ভাৰতীয় জোৱান শান্তিৰাম ৰানাৰ বিশ্বাস জয় কৰাৰ পিছত ভাৰতীয় সেনাৰ গোপন তথ্যসমূহ ৰানাৰ পৰা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ বাবদ ৰানাৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছিল কিছু ধনো।

photo1658917051
প্ৰেমৰ জালত পৰি পাকিস্তানী মহিলা চোৰাংচোৱাক সামৰিক তথ্য প্ৰেৰণ ভাৰতীয় সেনা জোৱানৰ, গ্ৰেপ্তাৰ 4

২০১৮ চনৰ মাৰ্চ মাহৰ পৰা ভাৰতীয় সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰি থকা ৰানাই কয় যে তেওঁ পাকিস্তানী মহিলা এজেণ্টগৰাকীৰ সৈতে হোৱাটছএপ চেট, ভিডিঅ’ আৰু অডিঅ’ মেছেজৰ জৰিয়তে দীৰ্ঘদিন ধৰি যোগাযোগ কৰিছিল।

মহিলাগৰাকীয়ে নিজকে শ্বাহজাহানপুৰ (উত্তৰ প্ৰদেশ)ৰ বাসিন্দা বুলি বৰ্ণনা কৰিছিল। মহিলাগৰাকীয়ে ৰাণাক জনায় যে তেওঁ তাত মিলিটাৰী ইঞ্জিনিয়াৰিং চাৰ্ভিচেছত কাম কৰে। আনগৰাকী নিশা নামৰ যুৱতীয়ে নিজকে মিলিটাৰী নাৰ্ছিং চাৰ্ভিছত কাম কৰে বুলি পতিয়ন নিয়াইছিল ৰানাক।

ৰানাই স্বীকাৰ কৰা মতে, ধন আৰু ভালপোৱাৰ বাবেই তেওঁ গোপনীয় নথি-পত্ৰ, ফটো, অনুশীলনৰ ভিডিঅ’ আদি যুৱতী দুগৰাকীলৈ প্ৰেৰণ কৰিছিল।