নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত পৰিল তীব্ৰবেগী ডাষ্টাৰ বাহন, মহিলাৰ মৃত্যু- গুৰুতৰভাৱে আহত স্বামী

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণহীন হৈ পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰিল এখন তীব্ৰবেগী ডাষ্টাৰ বাহন।

ধেমাজি সদৰ থানাৰ পৰা প্ৰায় দহ কিলোমিটাৰ নিলগৰ ধেমাজিৰ কেকুৰীত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

জানিব পৰা মতে, দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী মহিলা। লগতে গুৰুতৰভাৱে আহত হয় মহিলাগৰাকীৰ স্বামী।

G2 31
নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত পৰিল তীব্ৰবেগী ডাষ্টাৰ বাহন, মহিলাৰ মৃত্যু- গুৰুতৰভাৱে আহত স্বামী 3

সম্প্ৰতি সংকটজনক অৱস্থাত লােকজন ধেমাজি জিলাৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, লখিমপুৰ দিশৰ পৰা ধেমাজী হৈ অৰুণাচল প্ৰদেশলৈ যােৱাৰ পথতে এআৰ ০১কে ৫০৭৭ নম্বৰৰ ডাষ্টাৰ বাহনখন ধেমাজীৰ কেকুৰীত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে।

দুৰ্ঘটনাটোত নিহত মহিলাগৰাকী অৰুণাচলৰ পশ্চিম চিয়াং জিলাৰ আলাে থানাৰ এলেকাধীন ৱাইছা কাম্বু (৪৭) বুলি জানিব পৰা গৈছে।

সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা মহিলাগৰাকীৰ স্বামীৰ নাম পীজু কাম্বু।

লগতে চাওকঃ

বিশ্বৰ ভিতৰতে বৃহত্তম মন্দিৰৰ নিৰ্মাণৰ বাবে ২.৫ কোটি টকা মূল্যৰ ভূমি দান গুৱাহাটীৰ মুছলমান ব্যৱসায়ীৰ

G1 42
নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত পৰিল তীব্ৰবেগী ডাষ্টাৰ বাহন, মহিলাৰ মৃত্যু- গুৰুতৰভাৱে আহত স্বামী 4

Leave a Comment