আন্তঃৰাষ্ট্ৰীয়

সন্তানৰ পিঠিত জৰুৰী তথ্য অংকন কৰি ভৱিষ্যত ৰক্ষাৰ আপ্ৰাণ চেষ্টা পিতৃ-মাতৃৰ

নিউজ ডেস্ক। মৃত্যুৰ কিৰিলিয়ে ত্ৰস্ত কৰিছে ইউক্ৰেইন। ৰাছিয়ান সেনাৰ নিৰ্মমতাত প্ৰাণ হেৰুৱাইছে হাজাৰ হাজাৰ লোকে।

ৰাজপথত হাতে-ভৰি বন্ধা মৃতদেহৰ শাৰীয়ে সৃষ্টি কৰিছে আতংক। ইউক্ৰেইনত যেন সকলোৱে এতিয়া অনুভৱ কৰিছে- এই দেশত মৃত্যু আৱশ্যম্ভী!

কিন্তু ভৱিষ্যতক লৈ উদ্বিগ্ন বহু ইউক্ৰেইনিয়ান। অন্ততঃ নিজৰ নহ’লেও সন্তানৰ প্ৰাণ ৰক্ষা কৰাৰ আপ্ৰাণ চেষ্টা চলাইছে তেওঁলোকে। কিন্তু ৰাছিয়ান সেনাৰ আক্ৰমণত যদি তেওঁলোকে প্ৰাণ হেৰুৱায়, কোনে চাব সন্তানবোৰক?

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ বহু পিতৃ-মাতৃয়ে এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে। আৰু নিজেই তেওঁলোকে উলিয়াইছে ইয়াৰ সমাধান।

তেওঁলোকে এতিয়া সন্তানৰ পিঠিত লিখি ৰাখিছে নাম, ঠিকনা, ফোন নম্বৰকে ধৰি আন আন জৰুৰী তথ্য সমূহ। যাতে যুদ্ধ পৰিস্থিতিত পিতৃ-মাতৃৰ মৃত্যু ঘটে, তাৰ পিছতো শিশুটিক বিচাৰি কোনোবাই দায়িত্ব গ্ৰহণ কৰে, তাৰ বাবেই এনেদৰে পিঠিত অংকন কৰিছে সমস্ত তথ্য।

Image

এগৰাকী মাতৃয়ে তেওঁৰ ২-৩ বছৰীয়া শিশুটিৰ পিঠিত এনেদৰে জৰুৰী তথ্য অংকন কৰি তাৰ ফটো ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ পিছতে এতিয়া ভাইৰেল হৈ পৰিছে। সমান্তৰালভাৱে ইউক্ৰেইনৰ ভয়ংকৰ পৰিস্থিতিৰ এখন বাস্তৱ ছবিও পোহৰলৈ আহিছে।

এই শিশুটিৰ ফটোখন বিশ্বৰ বহু প্ৰখ্যাত সাংবাদিকৰ লগতে আন বহুতে শ্বেয়াৰ কৰিছে। ‘ভিৰা মাকো’ নামৰ শিশুটিৰ এই ফটোখনে শিহঁৰিত কৰিছে প্ৰতিজন হৃদয়বানক। ইউক্ৰেইনৰ দুৰ্বিসহ পৰিস্থিতিত বহু লোকেই দেশ এৰি পলায়ন কৰিছে।

কিন্তু এতিয়াও যিসকলে এই দেশখনতে আছে, তেওঁলোকৰ মনৰ উদ্বিগ্নতা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ছবিখনেই ব্যক্ত কৰিছে বুলি মন্তব্য কৰিছে বহুতে।

লগতে চাওকঃ

পূৰ্ণ হ’ল কন্যা সন্তানৰ বাঞ্ছা, হেলিকপ্টাৰত উঠাই ঘৰলৈ আদৰিলে আনন্দত আত্মহাৰা পিতৃ-মাতৃয়ে…

G2 5

Leave a Reply

Your email address will not be published. Required fields are marked *