ৰাষ্ট্ৰীয়

নিজৰ ৫੦ লক্ষাধিক টকা মূল্যৰ সম্পত্তি ৰাহুল গান্ধীৰ নামত হস্তান্তৰ এগৰাকী বৃৃদ্ধাৰ, কিন্তু কিয় ?

নিউজ ডেস্ক। দেশৰ সবাতোকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছ আৰু গান্ধী পৰিয়ালৰ প্ৰতি আস্থা এতিয়াও আছে মানুহৰ মনত।

শেহতীয়াকৈ উত্তৰাখণ্ডৰ ডেৰাডুনৰ এগৰাকী বৃদ্ধাই যেন তাকেই প্ৰমাণ কৰি দেখুৱালে। নিজৰ কেইবালক্ষাধিক টকাৰ সম্পত্তি সোমবাৰে ৰাহুল গান্ধীৰ নামত হস্তান্তৰ কৰে বৃদ্ধি গৰাকীয়ে।

ডেৰাডুনৰ পুস্পা মুঞ্জিয়াল নামৰ বৃদ্ধা গৰাকীয়ে সোমবাৰে জিলা আদালতত তেওঁৰ সকলো সম্পত্তি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হস্তান্তৰ কৰি এখন নিয়ম দাখিল কৰে। বৰ্তমান সময়ত দেশৰ বাবে ৰাহুল গান্ধীক প্ৰয়োজন বুলি মন্তব্য কৰি বৃদ্ধাগৰাকীয়ে তেওঁৰ সকলো সম্পত্তি হস্তান্তৰ কৰে।

কংগ্ৰেছৰ মেট্ৰ’পলিটান সভাপতি লালচান্দ শৰ্মাই কয় যে কংগ্ৰেছ দলৰ নেতাসকলক তেওঁৰ সম্পত্তিৰ প্ৰমাণপত্ৰ হস্তান্তৰ কৰোঁতে মুঞ্জিয়ালে কয় যে দেশৰ বাবে ৰাহুল গান্ধীৰ দৃষ্টিভংগীৰ দ্বাৰা তেওঁ যথেষ্ট প্ৰভাৱিত হৈছে।

পুস্পা মুঞ্জিয়ালে কয় যে বৰ্তমান দেশত ৰাহুল গান্ধীৰ দৰে নেতাৰ অতি প্ৰয়োজন আৰু তেওঁ দেশৰ বাবে তেওঁৰ মূল্যবোধ আৰু ধাৰণাবোৰৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত আৰু অনুপ্ৰানিত হৈছে। যাৰ বাবে ৭৮ বছৰীয়া বৃদ্ধাগৰাকীয়ে তেওঁৰ ৫০ লাখ টকা মূল্যৰ সম্পত্তি আৰু প্ৰায় ১০ টোলা সোণ ৰাহুল গান্ধীৰ নামত হস্তান্তৰ কৰে।

Impressed with his vision': Dehradun woman transfers her entire property to Rahul  Gandhi | India News | Zee News

এএনআইৰ প্ৰতিবেদন অনুসৰি, কংগ্ৰেছ নেতা লালচান্দ শৰ্মাই কয়, “পুষ্পা মুঞ্জিয়ালে আমাক কয় যে ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে এই দেশৰ ঐক্য আৰু অখণ্ডতাৰ বাবে নিজৰ জীৱন উৎসর্গ কৰিছিল। ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে নিজকে ৰাষ্ট্ৰৰ সেৱাৰ বাবে সমৰ্পিত কৰিছে। তেওঁ ইয়াৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছে।”

মুঞ্জিয়ালে তেওঁৰ সম্পত্তি হস্তান্তৰ কৰাৰ সময়ত উপস্থিত থকা কংগ্ৰেছ নেতা প্ৰীতম সিঙে কয় যে তেওঁৰ এই কাৰ্যই গান্ধী পৰিয়ালৰ প্ৰতি থকা তেওঁৰ আন্তৰিকতাকে সূচাইছে। তেওঁ লগতে কয়, “আজিৰ সময়ত, যেতিয়া মানুহে মালিকীস্বত্বৰ অধিকাৰক লৈ কাজিয়া কৰে, পুষ্পা মুঞ্জিয়ালে এক প্ৰশংসনীয় কাম কৰিছে।”

উল্লেখ্য যে, পুষ্পা মুঞ্জিয়ালে তেওঁৰ সম্পত্তি উত্তৰাখণ্ড কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰীতম সিঙৰ বাসগৃহত আনুষ্ঠানিকভাৱে ৰাহুল গান্ধীৰ নামত হস্তান্তৰ কৰে।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, তেওঁ ৰাহুল গান্ধীক হস্তান্তৰ কৰা সম্পত্তিটো ডেৰাডুনৰ এক অভিজাত এলেকাত অৱস্থিত।

লগতে চাওকঃ

পূৰ্ণ হ’ল কন্যা সন্তানৰ বাঞ্ছা, হেলিকপ্টাৰত উঠাই ঘৰলৈ আদৰিলে আনন্দত আত্মহাৰা পিতৃ-মাতৃয়ে…

G2 5

Leave a Reply

Your email address will not be published. Required fields are marked *