মূল্যবৃদ্ধি ৰোধৰ বাবে কি কৰিছে অসম চৰকাৰে… ক’লে মুখ্যমন্ত্ৰীয়ে…

নিউজ ডেস্ক। সাধাৰণ জনতাক জ্বলাকলা খুৱাইছে মূল্যবৃদ্ধিয়ে। পেট্ৰ’ল-ডিজেলৰ পৰা নেমু টেঙাটোলৈকে সকলোতে কেৱল মূল্যবৃদ্ধি।

আকাশলংঘী দামৰ এনে অসহনীয় পৰিস্থিতি সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মূল্যবৃদ্ধি ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ হাতত লৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

g5 2
মূল্যবৃদ্ধি ৰোধৰ বাবে কি কৰিছে অসম চৰকাৰে... ক’লে মুখ্যমন্ত্ৰীয়ে… 3

উল্লেখ্য যে, বুধবাৰে সমগ্ৰ দেশৰ বুথ সমূহত পালন কৰা হয় বিজেপিৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস। দলটোৰ প্ৰতিষ্ঠা দিৱসত আত্ম বলিদান দিয়া সকলক স্মৰণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতক বৈভৱশালী কৰিবলৈ চেষ্টা কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইফালে একে সময়তে মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ড০ শৰ্মাই। মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ভাৰত চৰকাৰৰ সৈতে মিলিহে সিদ্ধান্ত ল’ব পাৰিব বুুলি মন্তব্য কৰে তেওঁ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে অকলশৰীয়াকৈ লোৱা সিদ্ধান্তই জনতাক সকাহ নিদিব। মূল্যবৃদ্ধি ৰোধৰ বাবে ভাৰত চৰকাৰে চিন্তা-চৰ্চা কৰি আছে।

আনহাতে এআইইউএফৰে মিত্ৰতা এক পাপ আছিল বুলি এপিচিচিৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় যে ভূপেন বৰাই আজি পাপ কৰা বুলি কৈছে, কিন্তু লোকসভা নিৰ্বাচনত পুনৰ এআইইউডিএফৰ সৈতে হাত মিলাব। তেওঁলোকে কি ৰাস্তাৰে গৈ আছে আৰু ভৱিষ্যত কি, সেই কথা কংগ্ৰেছে বুজা নাই বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

লগতে চাওকঃ

দাওদাওকৈ জ্বলি উঠা জুইৰ মাজৰ পৰা উদ্ধাৰ ৩ বছৰীয়া শিশুক! প্ৰশংসিত আৰক্ষী কনিষ্টবল নেত্ৰেশ শৰ্মা

G4 2
মূল্যবৃদ্ধি ৰোধৰ বাবে কি কৰিছে অসম চৰকাৰে... ক’লে মুখ্যমন্ত্ৰীয়ে… 4

Leave a Comment