বিমানৰ ভিতৰত শুই শুই চিগাৰেট হুপিছিল ইনষ্টাগ্ৰামৰ তাৰকাই! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এই ব্যৱস্থা ল’লে কেন্দ্ৰীয় চৰকাৰে…

নিউজ ডেস্কঃ বিমানৰ ভিতৰত ধুম্ৰপান কৰি তাৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰি নিজেই বিপদত পৰিল ছ’চিয়েল মিডিয়াৰ তাৰকা ববী কাটাৰিয়া। কিছু মাহ পূৰ্বে তেওঁ বিমানৰ ভিতৰত ধুম্ৰপান কৰি প্ৰস্তুত কৰা এটা ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈ পৰাৰ পিছতে ববীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়।

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াইও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছ’চিয়েল মিডিয়া ষ্টাৰজনৰ বিৰুদ্ধে তদন্ত চলি থকা বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, ইনষ্টাগ্ৰামৰ চেলিব্ৰেটী ববী কটাৰিয়ৰা ঘৰ হৈছে গুৰগাঁৱত। ইনষ্টাগ্ৰামত প্ৰায় ৬ লাখ ফল’ৱাৰ্ছ থকা ববীয়ে ছ’চিয়েল মিডিয়া ট্ৰেণ্ডিঙৰ বাবে বিভিন্ন ভিডিঅ’ প্ৰস্তুত কৰি আহিছে।

ববীয়ে চলিত বছৰৰ ২৩ জানুৱাৰীত ডুবাইৰ পৰা দিল্লীলৈ ওভতাৰ সময়ত স্পাইছ জেটৰ বিমানৰ ভিতৰত শুই শুই চিগাৰেট হুপিছিল। আৰু তাৰ ভিডিঅ’ নিজেই প্ৰস্তুত কৰি সামাজিক মাধ্যমত এৰি দিছিল।

কিন্তু এই ভিডিঅ’ই বিপদহে চপাই আনে ববী কটাৰিয়ালৈ। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে বিভিন্ন ধৰণে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ আৰম্ভ কৰে। আনকি এই ভিডিঅ’ক লৈ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰো হস্তক্ষেপ বিচাৰি টেগ কৰে বহুতে। পিছলৈ অৱশ্যে ভিডিঅ’টো ডিলিট কৰা হয়।

ইফালে এটা টুইট কৰি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই জানিবলৈ দিয়ে যে ববী কটাৰিয়াৰ বিৰুদ্ধে তদন্ত চলি আছে আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হব। সিন্ধিয়াই কয়, “তদন্ত চলি আছে। এনে অবৈধ আৰু বিপজ্জনক আচৰণ বিমানত সহ্য কৰা নহ’ব।”

মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, ইতিমধ্যে ঘটনাৰ প্ৰাথমিক প্ৰতিবেদন দাখিল কৰা হৈছে। ইয়াৰ পিছতে অভিযুক্ত ববীৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হৈছে।

ইফালে, ইনষ্টাগ্ৰাম তাৰকাগৰাকীয়ে আচৰিত ধৰণে নিজৰ অন্যায়ৰ বিষয়ে স্পষ্ট হৈ পৰিছে। বিমানত ধূমপান কৰা ভিডিঅ’টোক লৈ হোৱা হুলস্থুল দেখি ববী কাটাৰিয়াই কাৰ্যতঃ আচৰিত হৈছে। তেওঁৰ মতে, সংবাদ মাধ্যমে বিষয়টো অতিৰঞ্জিত কৰিছে। আৰু সেইটো TRP বৃদ্ধিৰ বাবে কৰা হৈছে।