অৰুণাচল প্ৰদেশ

আছাম ৰাইফলছ আৰু NSCN (IM)ৰ তুমুল সংঘৰ্ষ, প্ৰচণ্ড গুলীয়াগুলীত নিহত দুজন কেডাৰ…

অৰুণাচল প্ৰদেশত পুনৰ আছাম ৰাইফলছ আৰু NSCN (IM)ৰ তুমুল সংঘৰ্ষ।

প্ৰচণ্ড গুলীয়াগুলীত নিহত দুজন, গুৰুতৰভাৱে আহত এজন।

অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ খুনচাৰ কোলাগাঁও অঞ্চলত সংঘটিত হয় এই সংঘৰ্ষ।

৬নং অসম ৰাইফলছ আৰু NSCN (IM) গোটৰ মাজত হয় তুমুল সংঘৰ্ষ।

এই সংঘৰ্ষত উগ্ৰপন্থী সংগঠন NSCN (IM) গোটৰ দুগৰাকীকৈ কেডাৰ নিহত হোৱাৰ লগতে আটক হৈছে এগৰাকী কেডাৰ।

আনহাতে এই সংঘৰ্ষত এজন স্থানীয় লোকো আহত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, অঞ্চলটোত ধনদাবী আৰু বিভিন্ন অপৰাধমূলক কাম কাজ সংঘটিত কৰাৰ উদ্দেশ্যে সংগঠনটোৰ এটা দলে বাহৰ পাতিছিল।

এই তথ্য লাভ কৰি আছাম ৰাইফলছে গাঁওখনত অভিযান চলোৱাৰ সময়তে সংঘটিত হয় এই সংঘৰ্ষ।

ঘটনাস্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে তিনিটা ৰাইফলছৰ লগতে সজীৱ গুলী উদ্ধাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *