আশ্বৰ্যকৰ! ৪৫ টকা চুৰিৰ অপৰাধত ২৪ বছৰৰ পিছত ৪ দিনৰ কাৰাদণ্ড বিহা হ’ল এজন ব্যক্তিক…

নিউজ ডেস্ক। জেপৰ পৰা ৪৫ টকা চুৰি কৰাৰ অপৰাধত ২৪ বছৰৰ পিছতে এজন ব্যক্তিক কাৰাদণ্ড বিহিলে এখন আদালতে।

আদালতত ব্যক্তিজনে নিজৰ অপৰাধ স্বীকাৰ কৰাৰ পিছতে তেওঁক ৪ দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

এনে এক আশ্বৰ্যকৰ কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ইটাৱাৰত।

উল্লেখ্য যে, ১৯৯৮ চনৰ ১৭ এপ্ৰিলত ইটাৱাৰ মহল্লা ছপট্টীৰ নিৱাসী বীৰেন্দ্ৰ বাথমে আৰক্ষী চকীত ইটাৱাৰ মহল্লা ভূৰাৰ নিৱাসী মন্নান নামৰ লোকজনৰ বিৰুদ্ধে চুৰিৰ অভিযোগ দাখিল কৰিছিল।

G9
আশ্বৰ্যকৰ! ৪৫ টকা চুৰিৰ অপৰাধত ২৪ বছৰৰ পিছত ৪ দিনৰ কাৰাদণ্ড বিহা হ’ল এজন ব্যক্তিক… 2

অভিযোগ অনুসৰি, মন্নানে পুৰণি তহছিলৰ সমীপৰ লাইংগঞ্জত বীৰেন্দ্ৰৰ জেপৰ পৰা চুৰি কৰিছিল ৪৫ টকা।

এই অভিযোগৰ পিছতে আৰক্ষীয়ে মান্নানৰ পৰা চুৰি কৰা ৪৫ টকা উদ্ধাৰ কৰে। ইয়াৰ পিছতে ১৮ এপ্ৰিলত আৰক্ষীয়ে মান্নানক জে’ললৈ প্ৰেৰণ কৰে।

তাৰ পিছত দুমাহ ২১ দিন মান্নানে কাৰাগাৰত পাৰ কৰাৰ পিছত অৱশেষত জামিন লাভ কৰিবলৈ সক্ষম হয়। ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মান্নানৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰাৰ পিছতে মৈনপুৰী চিজেএম আদালতত গোচৰৰ শুনানি আৰম্ভ হয়।

আদালতে অভিযুক্ত মান্নানৰ বিৰুদ্ধে পূৰ্বে কেইবাবাৰো চমন জাৰি কৰে, কিন্তু তৎসত্বেও মান্নাত আদালতত হাজিৰ নোহোৱাত অৱশেষত গ্ৰেপ্তাৰী ৱাৰেণ্টো জাৰি কৰা হয়।

কিন্তু আদালতে জাৰি কৰা চমন মান্নানে লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত আৰু আৰক্ষীয়ে আৰক্ষীয়ে অভিযুক্তজনৰ সন্ধান লাভ নকৰাৰ বাবে সুদীৰ্ঘ ২৪ বছৰে তেনেকৈয়ে পৰি ৰয় এই চুৰিৰ গোচৰ।

কিন্তু শেহতীয়াকৈ মান্নানে আদালতে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ বিষয়ে জানিব পৰাৰ পিছতে ২৭ ছেপ্টেম্বৰত তেওঁৰ হৈ অধিবক্তা বি এইচ হাছমীয়ে আদালতত গ্ৰেপ্তাৰী পৰোৱানা প্ৰত্যাহাৰ কৰিবলৈ আবেদন দাখিল কৰে।

ইয়াৰ পিছত ২৮ ছেপ্টেম্বৰত মান্নানে চিজেএম আদালতত নিজৰ অপৰাধ স্বীকাৰ কৰাত আদালতে তেওঁক ৪ দিনৰ কাৰাদণ্ড বিহি কাৰাগাৰলৈ প্ৰেৰণ কৰে।