দৈনিক ৰাশিফল: ৬ অক্টোবৰ, বৃহস্পতিবাৰ
মেষ ৰাশি- ব্যয় বৃদ্ধি হ’ব, কিন্তু একে সময়তে আয় বৃদ্ধিয়ে ভাৰসাম্য সৃষ্টি কৰিব। সকলোৰে সৈতে সদ্ভাৱ বৰ্তাই ৰাখক। ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ পূৰ্বে জ্যেষ্ঠজনৰ পৰামৰ্শ লওক। পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাদ ঘটিব পাৰে। মাতৃৰ সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱন সুখৰ হ’ব। অতিথিৰ আগমণ ঘটিব পাৰে।
বৃষ ৰাশি- মানসিকভাৱে আজি শক্তিশালী অনুভৱ কৰিব। কাৰ্যালয়ত কেইবাদিনো স্থবিৰ হৈ থকা কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। পৰীক্ষা-প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীসকলে সফলতা লাভ কৰিব পাৰিব। ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত সকলে আজি দায়িত্ব লাভ কৰিব পাৰে।
মিথুন ৰাশি- বন্ধু-বান্ধৱ আৰু আপোনজনৰ সৈতে এক সুখকৰ সাক্ষাৎ হ’ব। ভ্ৰমণো সুখদায়ক হ’ব। অধ্যয়নৰ প্ৰতি ৰাপ হ্ৰাস পাব। আৰ্থিকভাৱে আপুনি সমৃদ্ধিশালী হ’ব। ব্যৱসায়ত নতুন চুক্তি সম্পন্ন হ’ব পাৰে। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ পৰা ভাল সহায় লাভ কৰিব। বাহন আদি ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। দাম্পত্য জীৱন সুখৰ হ’ব।
কৰ্কট ৰাশি- আজি কামৰ বোজাই কিছু উত্তেজনা আৰু বিৰক্তিৰ সৃষ্টি কৰিব পাৰে। চতুৰ বিত্তীয় আঁচনিত আবদ্ধ হৈ পৰাৰ পৰা বিৰত থাকক, বিনিয়োগ কৰাত অত্যন্ত সাৱধান হওক। দিনটোৰ শেষৰ ফালে হঠাতে এটা ভাল খবৰ আহিলে গোটেই পৰিয়ালটোক সুখী কৰি তুলিব। ব্যৱসায়গত কাৰণত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। অৱশ্যে পাৰিলে আজি বাহিৰত খাদ্য খোৱাৰ পৰা বিৰত থাকক।
সিংহ ৰাশি- আজি ঘৰৰ বয়োজ্যেষ্ঠ সকলৰ আশীৰ্বাদ লাভ কৰিব। পূৰ্বে কৰা বিনিয়োগ আপোনাৰ বাবে ফলপ্ৰসূ প্ৰমাণিত হ’ব। অফিচৰ কিছুমান নতুন দায়িত্ব আপোনাৰ কান্ধত পৰিব পাৰে। পঢ়া-শুনাত ছাত্ৰ-ছাত্ৰীসকলে অধিক কষ্ট কৰিব লাগিব। সন্ধিয়া ঘৰলৈ অহাৰ সময়ত হয়তো পুৰণি বন্ধু এজনক লগ পাব, যাৰ ফলত আপোনাৰ মনটো ভাল লাগিব।
কন্যা ৰাশি- আজি আপোনাৰ জীৱনত এজন বিশেষ বন্ধুৰ আগমনৰ লগে লগে আপোনাৰ জীৱনৰ সুখ দুগুণে বৃদ্ধি পাব। বিত্তীয় পৰিস্থিতি আজি উন্নত হ’ব। ৰাজনীতিৰ সৈতে জড়িত সকলৰ বাবেও আজি দিনটো যথেষ্ট শুভ। পত্নীৰ পৰা ভাল সংবাদ লাভ কৰিব পাৰে। ওচৰ-চুবুৰীয়া বা আপোনাৰ লগত থকা কাৰোবাৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে।
তুলা ৰাশি- বিনিয়োগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি লোৱাৰ পৰা বিৰত থাকক। আপোন কোনোবাজনৰ পৰা আজি আপুনি মানসিক আঘাত পাব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। সহজতে কাকো বিশ্বাস কৰি নোলোৱাই আজি আপোনাৰ বাবে মংগল। ব্যয় অধিক হ’ব। পত্নীৰ পৰামৰ্শত গুৰুত্ব দিয়ক।
বৃশ্চিক ৰাশি- কোনো কাৰণত আজি ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। ব্যস্ততা বাঢ়িব। সমান্তৰালভাৱে আজি অধিক ব্যয়ে আপোনাৰ বাবে আৰ্থিক সংকটৰ সৃষ্টি কৰিব পাৰে। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে। মাতৃৰ পৰা আৰ্থিক সহযোগিতা লাভ কৰিব। অংশীদাৰিত্বত ব্যৱসায় চলাই থকা সকলৰ বাবে আজিৰ দিনটো শুভ।
ধনু ৰাশি- পৰিয়ালত ধৰ্মীয় অনুষ্ঠান সম্পন্ন হ’ব পাৰে। আজি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ নকৰিব। অৰ্থ উপাৰ্জনৰ নতুন উৎসৰ সন্ধান পাব। অৱশ্যে ব্যয় অধিক হোৱাৰ ফলত আজি আপোনাৰ জমা ধন হ্ৰাস পাব পাৰে। পত্নীৰ পৰামৰ্শত গুৰুত্ব দিয়ক। মিতভাষী হওক আৰু সকলোৰে সৈতে সদ্ভাৱ বৰ্তাই ৰাখক। কলা-সাহিত্যৰ সৈতে জড়িত সকলে সুনাম অৰ্জন কৰিব।
মকৰ ৰাশি- মানসিক চাপ বৃদ্ধি পাব পাৰে। অনাহকত খং উঠি থাকিব পাৰে, সেয়ে নিজকে নিয়ন্ত্ৰণত ৰাখক। আত্মবিশ্বাসৰ অভাৱে আপোনাৰ বাবে অৰ্থ উপাৰ্জনৰ এটা সহজ পথো জটিল কৰি তুলিব পাৰে। অতিৰিক্ত ধন ব্যয়ত নিয়ন্ত্ৰণ ৰাখক। পত্নীৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। মাতৃৰ স্বাস্থ্যইও আজি আপোনাক চিন্তিত কৰিব পাৰে।
কুম্ভ ৰাশি- আজি ভাগ্যই আপোনাক সহায় কৰিব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে সেয়া আজি সম্ভৱ হ’ব পাৰে। হঠাৎ ক’ৰবাত ধন লাভ কৰিব। ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবেও আজিৰ দিনটো শুভ। পৰিশ্ৰম অধিক হ’লেও সেই পৰিশ্ৰমে আজি আপোনাক সফলতা প্ৰদান কৰিব। পিতৃৰ পৰা সহযোগিতা লাভ কৰিব।
মীন ৰাশি- আজি আপুনি এটা গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰে। পত্নীৰ লগত কিছু মতানৈক্যৰ বাবে আপোনাৰ মানসিক উদ্বেগ বাঢ়িব পাৰে। আপোনাৰ ভাল আচৰণে আপোনাক আনক আপ্লুত কৰাত সহায় কৰিব। আপুনি আপোনাৰ প্ৰভাৱৰ ক্ষেত্ৰখন বৃদ্ধি কৰিব। ব্যৱসায়ত লেনদেন কৰাৰ সময়ত সাৱধান হওক। শিক্ষাৰ্থী সকলে আজি অধিক পৰিশ্ৰম কৰিব লাগিব।









