লোভে পাপ, পাপে নিলম্বন! দোকানৰ পৰা আম চুৰি কৰি নিলম্বিত হ’ল এগৰাকী আৰক্ষী বিষয়া…

নিউজ ডেস্ক। ফলমূলৰ দোকানৰ পৰা প্ৰায় ১০ কেজি আম চুৰি কৰি নিলম্বন হ’ল এগৰাকী আৰক্ষী বিষয়া।

এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে কেৰালাৰ কোট্টায়ম জিলাৰ কাঞ্জিৰাপল্লীত।

জানিব পৰা মতে, যোৱা আগষ্ট মাহতে এই চুৰিকাণ্ড সংঘটিত কৰিছিল পিভি চিহাব নামৰ অসামৰিক আৰক্ষী বিষয়াজনে।

শেহতীয়াকৈ এই চুৰিকাণ্ডৰ এটা চিচিটিভি ফুটেজ ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে নিলম্বন কৰে আৰক্ষী বিষয়াজনক।

image 44
লোভে পাপ, পাপে নিলম্বন! দোকানৰ পৰা আম চুৰি কৰি নিলম্বিত হ’ল এগৰাকী আৰক্ষী বিষয়া… 2

উল্লেখ্য যে, আগষ্ট মাহৰ এদিন নিশা কৰ্তব্যৰ পৰা ওভতাৰ সময়ত কাঞ্জিৰাপল্লীৰ এখন ফলমূলৰ দোকানৰ সন্মুখৰ পৰা প্ৰায় ১০ কেজি আম চুৰি কৰি নিছিল আৰক্ষী বিষয়া পিভি চিহাবে।

কিন্তু দোকানখনৰ চিচি টিভি কেমেৰাত বন্দী হৈ ৰয় আৰক্ষী বিষয়াজনৰ চুৰি কাণ্ড।

শেহতীয়াকৈ এই চুৰিকাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। অৱশ্যে ৰেইনকোট আৰু হেলমেট পৰিহিত আৰক্ষী বিষয়াজনক প্ৰথমে চিনাক্ত কৰাত অসুবিধা হয় আৰক্ষীৰো।

কিন্তু আৰক্ষী বিষয়াজনৰ বাইকৰ নম্বৰেৰে অভিযান চলাই অৱশেষত এই চুৰিকাণ্ড পিভি চিহাবেই সংঘটিত কৰা বুলি নিশ্চিত কৰা হয়।

ইয়াৰ পিছতে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰে ইডুকি আৰক্ষী অধীক্ষকে।

ইফালে মুণ্ডাকায়মৰ নিৱাসী অভিযুক্ত আৰক্ষী বিষয়াজন বৰ্তমানো পলাতক হৈ থকা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে তেওঁৰ সন্ধান বিচাৰি অভিযান অব্যাহত ৰাখিছে।