আশ্বৰ্যকৰ! পিন্ধা কাপোৰৰ তলত অতি কৌশেলেৰে কোটি টকাৰ সোণ সৰবৰাহ সুন্দৰীৰ, বিমান বন্দৰত গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ কাপোৰৰ তলত অতি কৌশেলেৰে লুকুৱাই সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ সোণসহ বিমান বন্দৰত গ্ৰেপ্তাৰ সুন্দৰী যুৱতী।

দেওবাৰে কেৰালাৰ কাৰিপুৰ বিমান বন্দৰত শুল্ক বিভাগৰ অভিযানত যুৱতীগৰাকীৰ পৰা উদ্ধাৰ কৰা হয় প্ৰায় ১ কোটি টকা মূলৰ সোণ।

শুল্ক বিভাগে লগে লগে আটক কৰে যুৱতীগৰাকীক।

জানিব পৰা মতে, কাছাৰগোড়ৰ নিৱাসী শ্বাহলা নামৰ ১৯ বৰ্ষীয় যুৱতীগৰাকীয়ে ডুবাইৰ পৰা সৰবৰাহ কৰিছিল এই বৃহৎ পৰিমাণৰ সোণখিনি।

পিন্ধা পোছাকৰ তলত তেওঁ অতি কৌশেলেৰে তিনিটা পেকেটত ভৰাই আনিছিল ১.৮৮৪ কেজি সোণ।

কাৰিপুৰ বিমান বন্দৰত যুৱতীগৰাকীৰ চাল-চলনত শুক্ল বিভাগৰ সন্দেহ হোৱাত তালাচী চলাই উদ্ধাৰ কৰে সোণখিনি।