নিউজ ডেস্কঃ ৰাজ্যত পুনৰ এচিড আক্ৰমণৰ ঘটনা।
এইবাৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত এচিড আক্ৰমণৰ বলি এগৰাকী ৩২ বৰ্ষীয় যুৱতী।
এচিড আক্ৰমণৰ ঘটনা সংঘটিত কৰিয়েই থানাত আত্মসমৰ্পণ অভিযুক্তৰ।
জানিব পৰা মতে, ঢেকীয়াজুলিৰ সাপৈ বাগানৰ সাপ্তাহিক বজাৰৰ সমীপত সংঘটিত হয় এই লোমহৰ্ষক ঘটনা।
কৰ্মস্থলীৰ পৰা ওভতাৰ সময়তে দিব্যা কুমাৰী সিং নামৰ যুৱতীগৰাকীৰ ওপৰত এচিড আক্ৰমণ চলায় বাচ্ছু কৰ নামৰ অভিযুক্তজনে।
প্ৰত্যক্ষদৰ্শীৰ মতে, যুৱকজনে প্ৰথমে দিব্যাক ৰ’বলৈ কয়। তাৰ পিছতে কোনো কাৰণত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটাত যুৱতীগৰাকীৰ মুখত এচিড দলিয়াই দিয়ে অভিযুক্তই।
অভিযুক্ত বাচ্ছু কৰৰ ঘৰ ৰাক্ষসমাৰীত বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুয়োৰে মাজত চিনাকি আছিল যদিও কোনো সম্পৰ্ক আছিল নেকি সেয়া এতিয়াও স্পষ্ট নহয়।
ইফালে ঘটনা সংঘটিত কৰি থানাত আত্মসমৰ্পণ কৰা অভিযুক্ত বাচ্ছুক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
অন্যহাতে বৰ্তমান মিছন চাৰিআলিৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ভুক্তভোগী যুৱতীগৰাকী।









