শিহৰণকাৰী! বনভোজৰ আনন্দৰ মাজতে নৈৰ কোবাল সোঁতত উটি গ’ল এটি কণমানি, তাৰ পিছত…

নিউজ ডেস্কঃ বনভোজৰ আনন্দৰ মাজতে হঠাৎ নৈৰ সোতত উটি যোৱা কণমানিক উদ্ধাৰ কৰি দায়বদ্ধতাৰ অনন্য নিদৰ্শন দাঙি ধৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা গৱেষক ছাত্ৰৰ দলে।

উল্লেখ্য যে, নৱবৰ্ষৰ প্ৰাকক্ষণত লোকে লোকাৰণ্য হৈ পৰিছে ভৈৰৱকুণ্ড।

কোনোৱে যদি বন্ধুৰ সৈতে, আন কোনোৱে আকৌ পৰিয়ালৰ সৈতে বনভোজৰ আনন্দ ল’বলৈ ভিৰ কৰিছেহে প্ৰকৃতিৰ মনোমোহা ঠাই ভৈৰৱকুণ্ডত।

সোমবাৰৰ দিনটোতে ভৈৰৱকুণ্ডত দেখা যায় এক উছৱ মুখৰ পৰিৱেশৰ।

সেই সময়তে নৈত পানী যুৱলিত খেলি থাকোতে কোবাল সোঁতত উটি যায় এটি শিশু।

শিশুটি নৈত উটি যোৱা প্ৰত্যক্ষ কৰাৰ লগে লগে সেই স্থানত বনভোজ খাবলৈ যোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা গৱেষক ছাত্ৰৰ দলে তাৎক্ষণিকভাৱে শিশুটিক উদ্ধাৰ কৰে।

বিশ্ববিদ্যালয়ৰ ছাত্ৰ ত্ৰিদিপ চুতীয়া, মানসপ্ৰতিম দত্ত, দিব্যজ্যোতি কলিতা, বিশ্বজিৎ দিহিঙীয়া, মনোৰঞ্জন দত্ত, অমৃত বৰা আৰু নৰনাৰায়ণ দেউৰীয়ে তৎপৰতাৰে কণমানিটিক কোবাল সোঁতত উটি যোৱাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।