আলফা (স্বাধীন)এ পুনৰ কেডাৰক মৃত্যুদণ্ডৰে দণ্ডিত কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া DGP ভাস্কৰজ্যোতি মহন্তৰ, ক’লে এই কথা…

নিউজ ডেস্কঃ আলফাৰ চলমান শিৱিৰৰ পৰা পলায়নৰ অপৰাধত গোৱালপাৰাৰ ছাইফুল ইছলাম ওৰফে ৰিহণ অসমক মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে।

আলফা সদস্যজনে কৰা ভুলৰ স্বীকাৰোক্তিৰ এটা ভিডিঅ’ আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ।

স্বাধীন অসমৰ সপোন দেখি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱা এজন চফল অসমীয়া যুৱকে এনেদৰে আলফা স্বাধীনৰ হাততে প্ৰাণ দিবলগীয়া হোৱাৰ ঘটনাক একেমুখে গৰিহণা দিছে বিভিন্নজনে।

শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তইও।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভাস্কৰজ্যোতি মহন্তই কয় যে এনেকুৱা হ’ব বুলি তেওঁ আগতেই জানিছিল।

তেওঁ কয়, ‘মোৰ একো ক’বলগা নাই। এনেকুৱা ঘটনা ঘটিব বুলি মই আগতেই কৈছিলো।’

উল্লেখ্য যে, ছাইফুলৰ পূৰ্বেও কেইবাগৰাকীও অসমীয়া যুৱক-যুৱতীক মৃত্যুদণ্ডৰ শাস্তি বিহিছে আলফা স্বাধীনে।