সন্ধান দিয়ক আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ আৰু লাভ কৰক ২৫ লাখ টকাঃ ঘোষণা NIAৰ

নিউজ ডেস্কঃ আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিম বা তেওঁৰ সংগঠনৰ সদস্যৰ সম্ভেদ দিলে বৃহৎ পৰিমাণৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এনআইএয়ে।

বৰ্তমানো পলাতক হৈ থকা ডাউড ইব্ৰাহিম আৰু তেওঁৰ শিষ্য ছোটা চাকিল, টাইগাৰ মেমন বা জাভেদ চিকনাদনে শ্লিপাৰ চেলৰ সহায়ত ভাৰতত বৃহৎ কূটাঘাত সৃষ্টিৰ পৰিকল্পনা ৰচা বুলি চোৰাংচোৱা সংস্থাই আশংকা ব্যক্ত কৰাৰ পিছতে আণ্ডাৰৱৰ্ল্ডৰ এই কুখ্যাত মাফিয়া কেইজনৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে এনআইএয়ে।

photo1662024008
সন্ধান দিয়ক আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ আৰু লাভ কৰক ২৫ লাখ টকাঃ ঘোষণা NIAৰ 4

এনআইএয়ে জানিবলৈ দিয়া মতে, ডাউদৰ সম্ভেদ দিওতালৈ ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে। একেদৰে টাইগাৰ মেমনৰ বাবেও ঘোষণা কৰা হৈছে ২০ লাখ টকাৰ পুৰস্কাৰ। সমান্তৰালভাৱে জাভেদ চিকনা আৰু অনিছ ইব্ৰাহিম সম্ভেদ দিওতালৈ ১৫ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে তদন্তকাৰী সংস্থাটোৱে।

তদন্তকাৰী সংস্থাই সদৰী কৰা মতে, ডাউদ ইব্ৰাহিম দীৰ্ঘদিন ধৰি দেশত নাই যদিও তেওঁৰ ডি কোম্পানী এতিয়াও দেশত সক্ৰিয় হৈ আছে। চোৰাংচোৱা সংস্থাৰ মতে, ডাউড এণ্ড কোম্পানীয়ে এটা বিশেষ ইউনিট তৈয়াৰ কৰি ভাৰতলৈ বিস্ফোৰক, অস্ত্ৰ-শস্ত্ৰ, জাল নোট আৰু ড্ৰাগছ সৰবৰাহ অব্যাহত ৰাখিছে। কেৱল সেয়াই নহয়, জইছ, আল কায়দা, লস্কাৰৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ শ্লিপাৰ চেল ব্যৱহাৰ কৰি দেশৰ কেইবাজনো ৰাজনৈতিক নেতা আৰু ব্যৱসায়ীক হত্যা কৰাৰো ষড়যন্ত্ৰ ৰচনা কৰিছে ডাউদে।

photo1662024024
সন্ধান দিয়ক আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ আৰু লাভ কৰক ২৫ লাখ টকাঃ ঘোষণা NIAৰ 5

উল্লেখ্য যে, যোৱা মে’ মাহত এনআইএয়ে মুম্বাইৰ প্ৰায় ২০টা স্থানত ডাউদ ইব্ৰাহিমৰ সংগীৰ সন্ধানত অভিযান চলাইছিল। মুম্বাইৰ ছান্টাক্ৰুজ, নাগপদ, পাৰেল, মালাডকে ধৰি কেইবাটাও স্থানত চলোৱা এই অভিযানৰ সময়ত এনআইএয়ে মুম্বাইৰ বাসগৃহৰ পৰা আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ চেলিম ফ্ৰুট নামৰ এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰে। তাৰ পিছতে ডাউদৰ কোম্পানী সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ নথি লাভ কৰে তদন্তকাৰী সংস্থাটোৱে।

photo1662024084
সন্ধান দিয়ক আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ আৰু লাভ কৰক ২৫ লাখ টকাঃ ঘোষণা NIAৰ 6

প্ৰণিধানযোগ্য যে, ১৯৯৩ চনত মুম্বাইত সংঘটিত বিস্ফোৰণৰ পিছতে দেশৰ পৰা পলায়ন কৰিছিল ডাউদে। তাৰ পিছত বিদেশৰ পৰা তেওঁ মুম্বাইত সন্ত্ৰাস সৃষ্টি কৰিবলৈ ধৰে। পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সহায়ত আত্মীয়-স্বজন আৰু ঘনিষ্ঠ বন্ধুৰ জৰিয়তে তেওঁ অন্ধকাৰ জগতৰ মুকুটবিহীন ৰজা হৈ পৰিছে।

যাৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এতিয়া ডাউদক কৰায়ত্ব কৰিবলৈ তৎপৰ হৈ পৰিছে। ইডিয়েও ডাউদ কোম্পানীটোৰ বিৰুদ্ধে বিত্তীয় জালিয়াতিৰ গোচৰ তৰিছে।