নিউজ ডেস্কঃ যুদ্ধ অনুশীলনৰ সময়ত আকাশমাৰ্গত পেৰাচ্যুট নোখোলাৰ বাবেই প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী সেনা জোৱানে।
এই শোকাবহ ঘটনা সোমবাৰে সংঘটিত হয় লাডাখৰ এলএচিৰ সমীপত।
এলএচিৰ সমীপত চলি থকা যুদ্ধ অনুশীলনৰ সময়ত অঞ্চলটোৰ বাৰমাই গাঁও নিৱাসী পাৰা কমাণ্ডো হৰবীৰ সিঙৰ আকাশমাৰ্গত পেৰাছুট নোখোলাৰ বাবে মৃত্যু ঘটে।
জোৱানজনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ পৰিয়াল। মঙলবাৰে তেওঁৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ।

উল্লেখ্য যে, ২০১৯ চনত পাক অধিকৃত কাশ্মীৰত চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ত বীৰত্ব প্ৰদৰ্শনৰ বাবে হৰবীৰক সেনা পদক প্ৰদান কৰা হৈছিল।
বাৰমাইৰ নিৱাসী সুগ্ৰীৱ সিঙৰ দ্বিতীয় পুত্ৰ হৰবীৰ সিঙে ২০০২ চনত ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল। ২০১৩ চনত পেৰা কমাণ্ডো হিচাপে নিৰ্বাচিত হয়।
ইয়াৰ পিছত কিছুদিন তেওঁ আগ্ৰাত কৰ্তব্য সম্পাদন কৰে। সেহতীয়াকৈ লাডাখৰ এলএচিৰ সমীপত ভাৰতীয় সেৱাই চলাই থকা যুদ্ধ অনুশীলনৰ অংশ আছিল হৰবীৰ সিং।

সোমবাৰে ভাৰতীয় সেনা বাহিনীৰ হেলিকপ্টাৰ পৰা জঁপিয়াই নমাৰ সময়ত দুৰ্ভাগ্যবশতঃ হৰবীৰ সিঙৰ পেৰাছুট খোল নোখোৱাত মাটিত পৰি মৃত্যু ঘটে।

পেৰা কমাণ্ডো গৰাকীৰ এনে মৃত্যুৱে শোকৰ বন্যা নমাইছে সৰ্বত্ৰে।
ভাৰতীয় সেনাই জোৱানজনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰি সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰে।









