অসমীয়াৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত আৰক্ষী-নিৰাপত্তাৰক্ষী বাহিনীৰ যুটীয়া অভিযানত নিহত ৩ পাকিস্তানী সন্ত্ৰাসবাদী, শ্বহীদ জোৱান

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনা আৰু আৰক্ষীয়ে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মঙলবাৰে বাৰামুল্লা জিলাৰ নাজিৱত এলেকাত চলোৱা অভিযানত তিনিজন পাকিস্তানী সন্ত্ৰাসবাদী নিহত হয়।

আনহাতে এই সংঘৰ্ষকালত এগৰাকী আৰক্ষী জোৱানো শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে। ইফালে নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে।

image 85
শ্বহীদ আৰক্ষী জোৱান

উল্লেখ্য যে, মঙলবাৰে শ্ৰীনগৰত ঘৰৰ বাহিৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল ছাইফুল্লা কাদ্ৰী নামৰ এগৰাকী আৰক্ষী জোৱানক। সন্ত্ৰাসবাদীৰ আক্ৰমণত তেওঁৰ ৭ বছৰীয়া কন্যাও গুৰুতৰভাৱে আহত হৈছিল।

ইয়াৰ পিছতে নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে বাৰমুল্লাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুটীয়াভাৱে অভিযান চলাই ৩ জনকৈ পাকিস্তানী সন্ত্ৰাসবাদীক নিধন কৰিবলৈ সক্ষম হয়।

শেহতীয়াকৈ নিৰাপত্তা বাহিনীয়ে এজন কাশ্মীৰী পণ্ডিতৰ হত্যাকাণ্ডৰ লগত জড়িত দুজন উগ্ৰপন্থীক গুলীয়াই হত্যা কৰিছে। প্ৰাপ্ত তথ্য মতে, দুই সন্ত্ৰাসবাদীয়ে চৰকাৰী কাৰ্যালয়ত প্ৰৱেশ কৰি পইণ্ট-ব্লেংক ৰেঞ্জৰ পৰা ৰাহুল ভাটক গুলীয়াই হত্যা কৰে। তাৰ পিছতে ২৪ ঘণ্টাৰ ভিতৰতে নিৰাপত্তাৰক্ষীয়ে দুই হত্যাকাৰীক চিনাক্ত কৰি হত্যা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *