ৰাষ্ট্ৰীয়

আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ হ’ব তাৰকা ক্ৰিকেট হৰভজন সিং…

আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ হ’ব তাৰকা ক্ৰিকেট হৰভজন সিং

শেহতীয়াভাবে হৰভজন সিঙকলৈ দেশজুৰি চলিছে চৰ্চা।

হৰভজন সিঙক পঞ্জাৱৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণ কৰিব পাৰে শাসনাধিষ্ঠ আম আদমী পাৰ্টীয়ে।

উল্লেখ্য যে, পঞ্জাৱত অচিৰে নিৰ্মাণ হব এখন ক্ৰীড়া বিশ্ববিশ্ববিদ্যালয়। উক্ত প্ৰতিষ্ঠানখনৰ গুৰু দায়িত্ব দিব পাৰে ক্ৰিকেটাৰজনক।

ইয়াৰ পূৰ্বে জলন্ধৰত এখন ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

উল্লেখ্য যে, বুধবাৰে বিশাল আয়োজনেৰে প্ৰথমগৰাকী আপৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিছিল মানে।

Leave a Reply

Your email address will not be published. Required fields are marked *