অসম

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশলৈ হোলীৰ এই বিশেষ উপহাৰ আগবঢ়ালে অসমে..?

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশলৈ হোলীৰ বিশেষ উপহাৰ আগবঢ়ালে অসমে।

অসম গৌৰৱ এটা খৰ্গযুক্ত দুটা গঁড়ৰ প্ৰৱেশ ঘটিছে উত্তৰ প্ৰদেশৰ চাহিদ আছফা কুল্লাহ খান চিৰিয়াখানত।

অসমৰ পৰা লৈ যোৱা গঁড় দুটাক হৰ আৰু গৌৰী বুলি নামকৰণ কৰা হৈছে।

উল্লেখ্য যে অহা ২৭ মাৰ্চত গোৰখপুৰ চিৰিয়াখানাই প্ৰথম বাৰ্ষিকী উদযাপন কৰিব।

চিৰিয়াখানাখনৰ দৰ্শনাৰ্থীসকললৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এয়া হোলীৰ উপহাৰ বুলিও উল্লেখ কৰে কৰ্তৃপক্ষই।

চিৰিয়াখানাখনৰ সঞ্চালক এইচ্চ ৰাজা মোহনে কয় যে, কোৱাৰেণ্টাইনৰ সময় শেষ হোৱাৰ পিছত দৰ্শনাৰ্থীসকলে গঁড় দুটা চাব পাৰিব আৰু এই অনুষ্ঠানত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো উপস্থিত থকাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *