আন্তঃৰাষ্ট্ৰীয়

৭.১ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল জাপান, পুনৰ চুনামীৰ সতৰ্কবাণী জাৰি…

প্ৰবল ভূমিকম্পই জোকাৰি গ’ল জাপান।

নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, জাপানৰ টকিঅ’ৰ পৰা ২৯৭ কিলোমিটাৰ উত্তৰ-পূবত বুধবাৰে নিশা প্ৰায় ৮.০৬ বজাত অনুভূত হয় প্ৰবল ভূমিকপ। ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰবল্য আছিল ৭.১।

এই প্ৰবল ভূমিকম্পৰ পিছতে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে সমগ্ৰ জাপানত।

জাপানৰ বতৰ বিজ্ঞান সংস্থাই সদৰী কৰা মতে, ভূমিকম্পটোৰ কেন্দ্ৰস্থল আছিল সাগৰৰ পৰা ৬০ কিলোমিটাৰ তলত।

উল্লেখ্য যে, ২০১১চনত এই একেটা কেন্দ্ৰস্থলতে উৎপত্তি ঘটিছিল ৯ প্ৰবল্যৰ বিধ্বংসী ভূমিকম্পটো। যাৰ ফলত সৃষ্টি হোৱা চুনামীয়ে বিধ্বস্ত কৰিছিল উত্তৰ জাপান।

সেই বিধ্বংসী ভূমিকম্পৰ ১১ বছৰ পিছত পুনৰ অনুভূত হৈছে প্ৰবল কম্পন। যাৰ বাবে পুনৰ এবাৰ জাপানত চুনামীৰ সন্ত্ৰাস নামি অহাৰ আশংকা কৰা হৈছে।

বুধবাৰে ভূমিকম্পৰ ফলত ২০ হাজাৰৰো অধিক পৰিয়ালৰ বিদ্যুৎ সেৱা ব্যহত হৈ পৰে। অৱশ্যে কোনো লোক হতাহত হোৱাৰ বাতৰি প্ৰকাশ পোৱা নাই।

বতৰ বিজ্ঞান সংস্থাই মিয়াগি আৰু ফুকুশিমা প্ৰদেশৰ কিছু অংশত সাগৰীয় ঢৌ এক মিটাৰ উচ্চতালৈকে বৃদ্ধি পোৱাৰ সতৰ্কবাণী জাৰি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *