আমি এতিয়াও বিদেশী চিন্তাধাৰাৰে পৰিচালিতঃ ব্ৰাহ্মণ বিতৰ্কক লৈ এইবাৰ প্ৰতিক্ৰিয়া সত্যৰঞ্জন বৰাৰ

নিউজ ডেস্কঃ ব্ৰাহ্মণ বিতৰ্কই তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য। এটা মৃতদেহে দুটা ভাগত বিভিক্ত কৰা অসমীয়া সমাজখনক লৈ এতিয়া ছ’চিয়েল মিডিয়াত চলিছে নানান চৰ্চা।

মঙলদৈৰ পাটালসিং পাৰাৰ গণক চুবাত কিছুদিন পূৰ্বে মৃত্যু ঘটিছিল অতুল শৰ্মা নামৰ এজন তেনেই সাধাৰণ ব্যক্তিৰ। কিন্তু সেই সাধাৰণ ব্যক্তিজনৰ মৃত্যুৰ পিছতে অসাধাৰণভাৱে সৃষ্টি হ’ল বিতৰ্কৰ। অতুল শৰ্মাৰ মৃতদেহ সৎকাৰ কৰিবলৈ গণক চুবাৰ ৰাইজে অস্বীকাৰ কৰা আৰু তাৰ পৰণতিত তেওঁৰ কোচ সম্প্ৰদায়ৰ পত্নীয়ে মৃতদেহ গাত খান্দি পুতি থোৱাৰ ঘটনাই সৃষ্টি কৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই সমগ্ৰ ঘটনাক লৈ ব্ৰাহ্মণ সমাজকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে একাংশই। তাৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই।

হিন্দু সনাতন সভ্যতাত জাতিভেদ প্ৰথা নাই বুলি মন্তব্য কৰি সত্যৰঞ্জন বৰাই কয় যে আমি এতিয়া বিদেশী চিন্তাৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবেহে আমাৰ মাজত বৈসম্য বৃদ্ধি পাইছে।

প্ৰকৃত হিন্দু সনাতন ধৰ্মত জাতি ভেদক গুৰুত্ব দিয়া নহয় বুলি মন্তব্য কৰি সত্যৰঞ্জনে কয়, ‘স্বাধীনতাৰ প্ৰাক ক্ষণত আমি বিদেশীৰ পৰা মুক্তি পালো যদিও বিদেশী চিন্তাৰ পৰা মুক্তি লাভ নকৰিলো। আমি এতিয়াও ক’ৰবাত আৰৱ দেশৰ চিন্তাধাৰাৰে পৰিচালিত, আমি এতিয়াও জেৰুজালেমৰ খ্ৰীষ্টিয়ান মিছনেৰীৰ বিদেশী চিন্তাধাৰাৰে পৰিচালিত হৈ আছো।’

উল্লেখ্য যে, মঙলদৈৰ অতুল শৰ্মাৰ মৃত্যুক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছতে আজি তেওঁৰ ঘৰত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰে গঞা ৰাইজে। ৰাইজে ৰাজহুৱাভাৱে অতুল শৰ্মাৰ পৰিয়ালৰ ওচৰত ক্ষমা খোজাৰ লগতে তেওঁৰ দহা-সকাম সকলোতে সহযোগিতা কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।