শোকাবহ! সুদীৰ্ঘ ৩৮ বছৰে সন্ধানহীন হৈ আছিল এগৰাকী ভাৰতীয় সেনা জোৱান, অৱশেষত বাংকাৰৰ ভিতৰত উদ্ধাৰ হ’ল মৃতদেহ

নিউজ ডেস্কঃ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপুতি উপলক্ষ্যে সমগ্ৰ দেশজুৰি পালন উদযাপন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক কৰুণ ঘটনা।

সুদীৰ্ঘ ৩৮ বছৰৰ পিছত ছিয়াচেন হিমবাহৰ এটা পুৰণি বাংকাৰৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী ভাৰতীয় সেনা জোৱানৰ মৃতদেহৰ অৱশিষ্ট। প্ৰচণ্ড হিমবাহৰ পিছত ৩৮ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা সেনা জোৱানগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই।

জানিব পৰা মতে, ১৯৮৪ চনত ভাৰতীয় সেনাৰ অপাৰেশ্যন মেঘদূতৰ অংশ আছিল লেন্স নায়ক চন্দ্ৰ শেখৰ। পাকিস্তানী সেনাৰ নজৰত থকা হিমবাহৰ ওপৰত থকা ৫৯৬৫ নং ভেণ্টেজ পইণ্ট কৰাৰ দায়িত্বত থকা কুমাওন ৰেজিমেণ্টৰ সদস্য আছিল চন্দ্ৰ শেখৰ।

chandra sekhar
শোকাবহ! সুদীৰ্ঘ ৩৮ বছৰে সন্ধানহীন হৈ আছিল এগৰাকী ভাৰতীয় সেনা জোৱান, অৱশেষত বাংকাৰৰ ভিতৰত উদ্ধাৰ হ’ল মৃতদেহ 2

কিন্তু ১৯৮৪ চনৰ সেনাৰ অভিযানৰ মাজতে ২৯ মে’ৰ নিশা সংঘটিত হয় প্ৰচণ্ড হিমস্খলন। সেই প্ৰাকৃতিক দুৰ্যোগত ১৪ ঘৰাকী ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ বিপৰীতে সন্ধানহীন হৈ পৰে ৫ গৰাকী জোৱান। সন্ধানহীন জোৱান সকলৰ ভিতৰত এজন আছিল লেন্স নায়ক চন্দ্ৰ শেখৰো।

সন্ধানহীন জোৱান কেইজনৰ সন্ধান বিচাৰি কেইবাদিনলৈকে অঞ্চলটোত অভিযান চলোৱা হৈছিল যদিও তেওঁলোকৰ কোনো সন্ধান লাভ নকৰাত অৱশেষত এই সন্ধান অভিযান বাতিল কৰিবলগা হৈছিল।

কিন্তু সুদীৰ্ঘ ৩৮ বছৰৰ পিছত ১৩ আগষ্টত ১৬ হাজাৰ ফুট উচ্চতাত থকা হিমবাহৰ এটা পুৰণি বাংকাৰৰ পৰা উদ্ধাৰ হয় লেন্স নায়ক চন্দ্ৰ শেখৰৰ মৃতদেহৰ অৱশিষ্ট। মৃতদেহৰ ওচৰত উদ্ধাৰ হোৱা এখন সেনাৰ নাম প্লেটৰ জৰিয়তেই মৃতদেহটো যে চন্দ্ৰ শেখৰৰ, সেয়া নিশ্চিত কৰা হৈছে।

সেনাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, চলিত গ্ৰীষ্মকালত হিমবাহ গলি যোৱাৰ পিছত পেট্ৰ’লিঙত থকা সেনা জোৱানে পুৰণি বাংকাৰটো প্ৰত্যক্ষ কৰে। তাৰ পিছতে বাংকাৰৰ ভিতৰৰ পৰা উদ্ধাৰ হয় ৩৮ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা সেনা জোৱানজনৰ মৃতদেহ।

ইফালে লেন্স নায়ক চন্দ্ৰ শেখৰৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ কৰাৰ পিছতে পুনৰ এবাৰ শোকত ভাগি পৰিছে তেওঁৰ ৬৫ বৰ্ষীয় পত্নী। সুদীৰ্ঘ কাল ধৰি স্বামীৰ অপেক্ষাত বাট চাই ৰোৱা পত্নীৰ প্ৰতীক্ষাৰ যেন এতিয়া অন্ত পৰিল!

সেনাৰ সূত্ৰই জানিবলৈ দিয়া মতে, লেন্স নায়ক চন্দ্ৰ শেখৰৰ মৃতদেহ পৰিয়ালক চমজাই দিয়াৰ পিছত সেনাৰ মৰ্যাদাৰে অন্তিম সংস্কাৰ সম্পন্ন কৰা হ’ব।