মৰ্মান্তিক! বিবাহ কাৰ্যসূচীৰ বাবে গৈ থকা সময়তে সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা, শিশুসহ ৬ জনৰ মৃত্যু

নিউজ ডেস্কঃ এক বিবাহ কাৰ্যসূচীত অংশ লোৱাৰ বাবে গৈ থকা সময়তে শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিশুসহ ৬ জনকৈ লোকে।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ বীড জিলাৰ পাটোদা-মঞ্জৰচুভা পথত।

দেওবাৰে পুৱা এখন ছুইফ্ট আৰু এখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় ছুইফ্ট বাহনখনত থকা শিশুসহ ৬ জন যাত্ৰীয়ে। নিহত সকলৰ ৫ জন একেটা পৰিয়ালৰ সদস্য বুলি জানিব পৰা গৈছে।

photo1660481714
মৰ্মান্তিক! বিবাহ কাৰ্যসূচীৰ বাবে গৈ থকা সময়তে সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা, শিশুসহ ৬ জনৰ মৃত্যু 3

আৰক্ষীয়ে সদৰী কৰা মতে, কেজ তহচিলৰ জিৱাচিৱাড়ী গাঁৱৰ এটা পৰিয়ালে দেওবাৰে পুৱা পুনেৰ এক বিবাহ অনুষ্ঠানলৈ গৈ থকাৰ সময়তে পাটোদ-মঞ্জুৰচুভা পথত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে।

photo1660481669
মৰ্মান্তিক! বিবাহ কাৰ্যসূচীৰ বাবে গৈ থকা সময়তে সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা, শিশুসহ ৬ জনৰ মৃত্যু 4

ট্ৰাকৰ খুন্দাত পিষ্ট হৈ পৰা বাহনখনৰ ভিতৰত থকা এটি শিশুসহ ৬ জন লোকৰ ঘটনাস্থলীতে মৃত্যু ঘটে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

অন্যহাতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে চালক জনকো আটক কৰিছে আৰক্ষীয়ে।