আন্তৰ্জাতিক গ্ৰন্থমেলাত পকেট মাৰি গ্ৰেপ্তাৰ জনপ্ৰিয় বাংলা অভিনেত্ৰী…

নিউজ ডেস্ক। পকেটমাৰৰ অভিযোগত আন্তৰ্জাতিক গ্ৰন্থমেলাৰ চৌহদৰ পৰা গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেত্ৰীক।

শনিবাৰে আৰক্ষীয়ে গ্ৰন্থ মেলাত আনৰ মানিবেগ চুৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী ৰূপা দত্তক।

p01
আন্তৰ্জাতিক গ্ৰন্থমেলাত পকেট মাৰি গ্ৰেপ্তাৰ জনপ্ৰিয় বাংলা অভিনেত্ৰী... 6

আৰক্ষীসূত্ৰই জনোৱা অনুসৰি, শনিবাৰে কলকতাত অনুষ্ঠিত হৈ থকা আন্তৰ্জাতিক গ্ৰন্থ মেলাত টহল দি থকা আৰক্ষীয়ে লক্ষ্য কৰে যে এগৰাকী মহিলাই এটা বেগ ডাষ্টবিনত পেলাই থৈ পলায়নৰ চেষ্টা কৰিছে।

আৰক্ষীয়ে সন্দেহবশতঃ মহিলাগৰাকীক আটক কৰি সোধাপোছা কৰাত বেগটো কিয় পেলাই দিলে বা তেওঁ ক’লৈ যাব আদি আৰক্ষীয়ে সোধা প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিবলৈ সক্ষম নহয়।

p9 1
আন্তৰ্জাতিক গ্ৰন্থমেলাত পকেট মাৰি গ্ৰেপ্তাৰ জনপ্ৰিয় বাংলা অভিনেত্ৰী... 7

আৰক্ষীয়ে আটক কৰা সেই মহিলাগৰাকীয়েই হৈছে অভিনেত্ৰী ৰূপা দত্ত। তেওঁৰ কথাত আৰক্ষীৰ সন্দেহ অধিক ঘণীভূত হোৱাত ডাষ্টবিনত পেলাই দিয়া বেগটো খুলি চোৱাত আৰক্ষীৰ চকু কপালত উঠে। কিয়নো সেই বেগটোৰ পৰা অসংখ্য টকা ভৰ্তি মানিবেগ উদ্ধাৰ কৰে আৰক্ষীয়ে।

p07
আন্তৰ্জাতিক গ্ৰন্থমেলাত পকেট মাৰি গ্ৰেপ্তাৰ জনপ্ৰিয় বাংলা অভিনেত্ৰী... 8

পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৰূপা দত্তক বিধাননগৰ আৰক্ষী থানালৈ নি সোধা-পোছা কৰাত তেওঁ স্বীকাৰ কৰে যে, বিভিন্ন মেলা, ৰাজহুৱা স্থানত তেওঁ পকেট মাৰী কৰি আহিছিল। শনিবাৰে তেওঁৰ বেগৰ পৰা নগদ ৭৫ হাজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে।

p02
আন্তৰ্জাতিক গ্ৰন্থমেলাত পকেট মাৰি গ্ৰেপ্তাৰ জনপ্ৰিয় বাংলা অভিনেত্ৰী... 9

উল্লেখ্য যে, টলিউডৰ লগতে বলিউডতো কাম কৰাৰ অভিজ্ঞতা থকা জনপ্ৰিয় অভিনেত্ৰী ৰূপা দত্তই কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে। যাৰ বাবে তেওঁ কৰা এনে কাৰ্যই আৰক্ষীৰ লগতে সাধাৰণ নাগৰিককো হতচকিত কৰিছে। কি কাৰণত অভিনেত্ৰীগৰাকীয়ে পকেটমাৰীৰ দৰে পন্থা অৱলম্বন কৰিব লগা হৈছে, সেয়া এতিয়াও স্পষ্ট নহয়।

কিন্তু আৰক্ষীয়ে সন্দেহ কৰা মতে, কোনো বৃহৎ চক্ৰৰ সৈতে জড়িত আছে ৰূপা দত্ত। অভিনেত্ৰীগৰাকীৰ পৰা আৰক্ষীয়ে এখন ডায়েৰীও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। য’ত তেওঁ টকাৰ হিচাপ ৰাখি থৈছিল। আৰক্ষীয়ে ৰূপা দত্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

তেওঁৰ সৈতে আন কোনো লোক জড়িত হৈ আছে নেকি, সেই বিষয়ে অনুসন্ধান চলাইছে আৰক্ষীয়ে।

লগতে চাওকঃ

বাঘৰ নেগুৰেৰে কাণ খজুৱাইছ! বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক অধ্যাপিকাই বিহা শাস্তিৰ ভিডিঅ’ ভাইৰেল

G1 23
আন্তৰ্জাতিক গ্ৰন্থমেলাত পকেট মাৰি গ্ৰেপ্তাৰ জনপ্ৰিয় বাংলা অভিনেত্ৰী... 10

Leave a Comment