অসম

আৱকাৰী বিভাগৰ অভিযানত জব্দ সুৰাভৰ্তি ট্ৰাক, এজনক গ্ৰেপ্তাৰ…

আৱকাৰী বিভাগৰ অভিযানত জব্দ সুৰাভৰ্তি ট্ৰাক।

শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙৰ পৰা অবৈধভাৱে কঢ়িয়াই অনা ১৬ কার্টন সুৰা ট্রাকসহ জব্দ কৰিছে শোণিতপুৰ আৱকাৰী বিভাগে।

বালিপৰাত জব্দ হোৱা এই সুৰাৰ বজাৰ মূল্য প্রায় ৪০ লাখ টকা।

জানিব পৰা মতে, জব্দকৃত সুৰা যিখন ট্রাকত কঢ়িয়াই আনিব লাগিছিল সেইখন ট্রাকত কঢ়িয়াই অনা হোৱা নাছিল। তদুপৰি জব্দকৃত ট্রাকখনৰ ইঞ্জিন নম্বৰ নথকাৰ লগতে নথিত উল্লেখ থকা চেছিছ নম্বৰৰো মিল নাছিল।

ইয়াৰোপৰি সুৰা সৰবৰাহৰ সময়ত প্রয়োজন হোৱা নথিও নাছিল বুলি প্ৰকাশ কৰে আৱকাৰী বিভাগে।

উল্লেখ্য যে এন এল ০২ এন ৩৪৬২নম্বৰ ট্ৰাকখনত এই বৃহৎ পৰিমাণৰ সুৰাৰ কাৰ্টনসমূহ অৰুণাচল প্রদেশৰে মহাদেৱপুৰলৈ কঢ়িয়াই অনা অৱস্থাত জব্দ কৰা হয়।

ট্ৰাকখনৰ চালকজনক ঘটনা সন্দৰ্ভত আৱকাৰী বিভাগে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে।

ঘটনা সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে আৱকাৰী বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *