আজৱ বিয়া! এয়াৰ বেলুনত উঠি ৭০ ফুট উচ্চতাত বিবাহ পাশত আৱদ্ধ হ’ল ৰবি-প্ৰীতি, ভাইৰেল আলোকচিত্ৰ…

নিউজ ডেস্কঃ জীৱনৰ বিশেষ দিনটো স্মৃতি সাঁচিপাতত সযতনে সাঁচি ৰখাৰ হেঁপাহ সকলোৰে থাকে। কইনাৰ সাজত লখিমীজনীক ঘৰলৈ আদৰি অনাৰ বিশেষ দিনটোৰ অনুভৱেই যে সুকীয়া!

সেয়ে অনেকে অনেক ধৰণে বিয়াৰ দিনটোক বিশেষ কৰি তুলিব বিচাৰে। কোনোৱে যদি সাগৰৰ বুকুত আপোনজনক বিয়াৰ প্ৰস্তাৱ দিয়ে, আন কোনোৱে আকৌ হেলিকপ্টাৰ উঠি নিবলৈ আহে ন কইনাক।

তেনে এখন আজৱ বিয়াই শেহতীয়াকৈ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। য’ত মাটিৰ পৰা ৭০ ফুট উচ্চতাত এয়াৰ বেলুনত বহি ন কইনাক বৰমালা পিন্ধালে দৰাই।

image 182
আজৱ বিয়া! এয়াৰ বেলুনত উঠি ৭০ ফুট উচ্চতাত বিবাহ পাশত আৱদ্ধ হ’ল ৰবি-প্ৰীতি, ভাইৰেল আলোকচিত্ৰ… 4

এই বিয়াখন সম্পন্ন হৈছে চত্তীশগড়ৰ ভিলাই চহৰত। বিয়াৰ দৰাৰ নাম ৰবি তিৱাৰী। ঘৰ দুৰ্গৰ গয়া নগৰত। আনহাতে কন্যা হৈছে ৰাজস্থানৰ বিকানেৰৰ নিৱাসী অৱধেশ পাণ্ডেৰ কন্যা প্ৰীতি পাণ্ডে।

কইনা প্ৰীতিৰ পিতৃ অৱধেশ পাণ্ডেয়ে জানিবলৈ দিয়া মতে, তেওঁৰ কইনাৰ বিয়াখন বিশেষ কৰি তুলিব বিচাৰিছিল।

সেই বাবেই পাণ্ডে পৰিয়ালে বিকানেৰৰ পৰা আহি ভিলাইত বিবাহখন আয়োজনৰ সিদ্ধান্ত লয়।

image 183
আজৱ বিয়া! এয়াৰ বেলুনত উঠি ৭০ ফুট উচ্চতাত বিবাহ পাশত আৱদ্ধ হ’ল ৰবি-প্ৰীতি, ভাইৰেল আলোকচিত্ৰ… 5

ভিলাইৰ ছেক্টৰ-৭ দশহৰা খেলপথাৰত দৰা-কইনাৰ বাবে এয়াৰ বেলুন বিশেষজ্ঞৰ তত্বাৱধানত সাজু কৰা হয় এটা প্ৰকাণ্ড এয়াৰ বেলুন।

য’ত উঠি শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত মাটিৰ পৰা ৭০ ফুট উচ্চতাত দৰা ৰবি আৰু কইনা প্ৰীতিয়ে ইজনে আনজনক বৰমালা পিন্ধাই মুহূৰ্তটো বিশেষ কৰি তোলে।

image 184
আজৱ বিয়া! এয়াৰ বেলুনত উঠি ৭০ ফুট উচ্চতাত বিবাহ পাশত আৱদ্ধ হ’ল ৰবি-প্ৰীতি, ভাইৰেল আলোকচিত্ৰ… 6

ইফালে ভিলাইত প্ৰথমবাৰৰ বাবে সম্পন্ন হোৱা এই ‘এয়াৰ বেলুন বিবাহ’ চাবলৈও বিবাহথলীত উপস্থিত হয় অগণন লোক।

সামাজিক মাধ্যমতো এই বিশেষ বিয়াখনৰ কেতবোৰ আলোকচিত্ৰ আৰু ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।